Home Uncategorized ৰিপুন বৰা-সুস্মিতা সেনে পাৰিব নেকি তৃণমূলৰ ভেটি মজবুত কৰিব ?

ৰিপুন বৰা-সুস্মিতা সেনে পাৰিব নেকি তৃণমূলৰ ভেটি মজবুত কৰিব ?

74
0

আনিছুৰ ৰহমান,২৬ এপ্ৰিল :  বৰ্তমান সময়ত তৃনমূল কংগ্ৰেছৰ প্ৰধান লক্ষ্য হৈছে ২০২৪১ লোকসভা নিৰ্বাচন৷ তাৰ বাবে ৰাষ্ট্ৰীয় স্তৰত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে ৰাজনৈতিক কৌশল তৈয়াৰ কৰা আৰম্ভ কৰিছে৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত সক্ৰিয় হৈ পৰিছে৷ ত্ৰিপুৰাত পৌৰসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল তৃনমূল কংগ্ৰেছ৷ য’ত ২৩ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ গোৱাৰ নিৰ্বাচনত ৬ শতাংশ ভোট লাভ কৰে৷ তাৰ পিছৰ পৰা তৃনমূল কংগ্ৰেছৰ নেতৃত্ব আৰু মনযোগৰে ৰাষ্ট্ৰীয় পৰ্যায়ত দলীয় ভেটি মজবুত কৰাৰ কাৰণে কাম-কাজ আৰম্ভ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলক লৈয়ো বিশেষ ৰণনীতি তৈয়াৰ কৰিছে তৃনমূল কংগ্ৰেছে৷ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা বৰাকৰ ৰাজনীতিত বংশগতভাৱে কিছু প্ৰভাৱ থকা নেত্ৰী সুস্মিতা দেৱ ৰাজ্যসভাৰ আসনৰ লোভত পৰি তৃনমূল কংগ্ৰেছত যোগদান কৰিছিল৷ পৰৱৰ্তী সময়ত তৃনমূল কংগ্ৰেছে কথা অনুযায়ী ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰে৷ তাৰ পিছত একালত ত্ৰিপুৰা ৰাজনীতিত প্ৰভাৱ থকা তথা ত্ৰিপুৰাৰ পৰা দুবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱক ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ প্ৰভাৰীৰ দায়িত্ব দিয়া হয়৷ ইতিমধ্য উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত দলৰ শাখা-প্ৰশাখা বিস্তাৰৰ কাম-কাজ আৰম্ভ কৰিছে৷ তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সম্পাদক অভিষেক বেনাৰ্জীয়ে দায়িত্ব লোৱাৰ পিছৰ পৰা অসম, মেঘালয়, ত্ৰিপুৰা আদি ৰাজ্যবোৰত একাধিক কংগ্ৰেছ নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷ শেহতীয়াভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ দল ত্যাগ কৰি ৰিপুন বৰাই কৈছিল– দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশত কংগ্ৰেছৰ কোনো ভৱিষ্যৎ নাই৷ বিজেপিবিৰোধী যি যুদ্ধৰ দৰকাৰ তাৰ নেতৃত্ব একমাত্ৰ তৃণমূল কংগ্ৰেছে দিব পাৰিব৷ তাৰ আৰু অভিযোগ আছিল যে বৰ্তমান অসমৰ বহু কংগ্ৰেছী নেতাৰ বিজেপিৰ সৈতে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপন মিতৰালি আছে৷ ৰিপুন বৰাৰ অভিযোগ যিয়ে নহওক আচলতে যে তেওঁ অসমৰ পৰা কোনো নিৰ্বাচনত যে জয়ী হ’ব নোৱাৰে সেই কথা ভালদৰে অনুধাৱন কৰি সুবিধাবাদীৰ পৰিচয় দি কংগ্ৰেছ দল ত্যাগ কৰিলে৷ অৱশ্য কংগ্ৰেছ দলৰ ভৱিষ্যৎ এক দীৰ্ঘকালীন সময়ৰ বাবে অন্ধকাৰাচ্ছন্ন৷ সেয়ে সুবিধা বুজি বহু কংগ্ৰেছীয়ে দল ত্যাগ কৰিছে কেৱল নিজৰ ৰাজনৈতিক কেৰিয়াৰ কথা চিন্তা কৰি৷ ৰিপুন বৰা তৃনমূল কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱাৰ লোভত গৈছে সেয়া একাষাৰে নুই কৰিব নোৱাৰি৷ কিন্তু ৰিপুন বৰাক ইমান সোনকালে তৃনমূল কংগ্ৰেছে পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত নকৰে সেয়া খাটাং৷ ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ হাইকমাণ্ড মমতা বেনেৰ্জীয়ে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ৰিপুন বৰাৰ হাতত ন্যাস্ত কৰিলে৷ হয়তো ৰিপুন বৰাৰ নেতৃত্বত ২০২৪১ লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে তৃণমূল কংগ্ৰেছে অসমৰ লোকসভাৰ গোটেইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে৷ আৰু সেই ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব ৰিপুন বৰাৰ ভাগ্য৷ সাধাৰণতে প্ৰশ্ন হয়, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ব্যৰ্থ ৰিপুন বৰা, যিজনৰ ওপৰত দলীয় টিকট প্ৰদানৰ নামত ধনৰ লেনদেনৰ অভিযোগ আছে, দলীয় টকা আত্মসাৎ কৰাৰ অভিযোগো আহিছে, নাৰী কেলেংকাৰীৰ অভিযোগ আছে৷ ২০০০ চনৰ জ্জ ছেপ্টেম্বৰত চাহ জনজাতি আৰু আদিবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰা এক সংগ্ৰামী যুৱক ডেনিয়েল ত›Ÿক হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডই গোটেই অসমত খলকনি তুলিছিল৷ য’ত ৰিপুন বৰাৰ নাম সাঙোৰ খাই পৰিছিল৷ পৰৱৰ্তী সময়ত এই হত্যাকাণ্ড সন্দৰ্ভত ২০০৮ চনৰ ৩ জুনত তেতিয়াৰ মন্ত্ৰী ৰিপুন বৰাক নতুন দিল্লীৰ জুকাছ ইন হোটেলত চি বি আইক উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে তদন্ত চলি থকা সময়তে তদন্তকাৰী বিষয়া এ বি গুপ্তাৰ মৃত্যু হয়৷ অৱশ্যে ৰিপুন বৰাই দুয়োটা গোচৰতে উপযুক্ত তথ্য আৰু প্ৰমাণৰ অভাৱত ন্যায়ালয়ৰ পৰা ক্লিনশ্বীট পাবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে এই হত্যাকাণ্ডত নাম সাঙোৰ খাই থকা বাবে বহু কংগ্ৰেছীয়ে সেই সময়ত ৰিপুন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ বাবে বিৰোধিতা কৰিছিল৷ তেনে এজন ব্যক্তিক তৃণমূল কংগ্ৰেছে অসমৰ দায়িত্ব দিলে খোপনি পুতিব পাৰিব জানো? অসমত প্ৰায় ১৯ শতাংশ বঙালী হিন্দু আছে৷ তাৰ বেছিভাগ মানুহেই বিনাদ্বিধাই বিজেপিক সমৰ্থন কৰি আহিছে আৰু বঙালীভাষী মুছলমানৰ মাজত দলটোৰ ভেটি এই কাৰণেই শক্তিশালী কৰিব নোৱাৰে, যিখিনি মানুহে ভাষা বা ধৰ্মৰ ভিত্তিত ভোট সাব্যস্ত কৰে বা ৰাজনীতি কৰে তেনে জাতীয় মানুহ এ আই ইউ ডি এফত চামিল হৈ গৈছে৷ তেওঁলোকে কংগ্ৰেছৰ বিকল্প হিচাপে এ আইইউ ডি এফক আঁকোৱালি লৈছে৷ মমতা বেনাৰ্জীৰ মুছলমান দৰদী ভাবমূৰ্তিয়েও এইখিনি মানুহক আকৰ্ষিত কৰিব নোৱাৰে৷ যি দুই-এজন বঙালীভাষী মুছলমানে তৃণমূল কংগ্ৰেছত যোগদান কৰিব তেওঁলোক কংগ্ৰেছৰ পৰা অহাৰ সম্ভৱনা বেছি৷ অসমীয়া মানুহে তৃণমূল কংগ্ৰেছক পোনচাটেই নাকচ কৰিব বাংলা ভাষাৰ অগ্ৰাসন হ’ব বুলি৷ তদুপৰি মমতা বেনাৰ্জীৰ এন আৰ চিবিৰোধী স্থিতি, কাবিৰোধী অৱস্থান বা মুছলমান তোষামোদ আদি কাৰকবোৰে তৃণমূল কংগ্ৰেছৰ ভেটি স্থাপন কৰাত দুৰ্বল কৰিব৷ ৰিপুন বৰা নিজ গৃহ সমষ্টি গহপুৰত বিধানসভাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল৷ ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দি বিফল হৈছিল বৰা৷ তেনে এটা ফেচ আগত ৰাখি তৃণমূল কংগ্ৰেছ দলে অসমত নিজৰ ভেটি শক্তিশালী কৰাৰ যি চেষ্টা কৰিব সেয়া হয়তো আধাতে মৰি যাব৷ আনহাতে সুস্মিতা দেৱ লোকোসভা নিৰ্বাচনত পৰাজিত হৈছিল৷ বৰাক উপত্যাকাত ৰাজনৈতিকভাৱে সামান্য প্ৰভাৱ থাকিলেও সামগ্ৰিকভাৱে তেওঁৰ নেতৃত্ব অসমত গ্ৰহণযোগ্য নহয়৷ কংগ্ৰেছত থকা সময়ৰ পৰাই সুস্মিতা দেৱ এন আৰ চি বা কাক লৈ এক সুবিধাজনক স্থিতিত অৱস্থান কৰিছিল৷ মুঠতে ৰিপুন বা সুস্মিতা দুয়োজনে গ্ৰহণযোগ্য নহয়৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগত উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্য ত্ৰিপুৰা আৰু মেঘালয়ত হ’ব বিধানসভাৰ নিৰ্বাচন৷ ২০২৩ত হ’ব লগা বিধানসভাৰ নিৰ্বাচনত এই দুয়োখন ৰাজ্যত তৃণমূল কংগ্ৰেছে সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰিব৷ ইয়াৰ ফলাফলৰ ওপৰতো আংশিক প্ৰভাৱ পৰিব অসমত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here