Home স্থানীয় দক্ষিণ বৰপেটাৰ সুহাবিলদলনী গাঁৱৰ ৰাইজে নিজেই ললে ড্ৰাগছ বিৰুদ্ধে পদক্ষেপঃ

দক্ষিণ বৰপেটাৰ সুহাবিলদলনী গাঁৱৰ ৰাইজে নিজেই ললে ড্ৰাগছ বিৰুদ্ধে পদক্ষেপঃ

126
0

চেনিটাইজাৰ আৰু মাস্ক বিতৰণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিলে৷চেনিটাইজাৰ আৰু মাস্ক বিতৰণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিলে৷

গণ বাৰ্তা, পালহাজী, ৩০ মে’ঃ সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো চলি আছে ড্ৰাগছ আৰু বিভিন্ন অসামাজিক কামৰ বেহা ৷ দক্ষিণ বৰপেটাৰ পালহাজী আৰু সুহাবিলদলনী গাঁৱতো তাৰ ব্যতিক্ৰম নহয় ৷ ঘটনাৰ বিৱৰণি মতে আজি সুহাবিলদলনীত পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হয় বিভিন্ন ধৰণৰ চাফাই অভিযান ৷কিছুদিন আগতে গাঁৱৰ সচেতন লোক কিছুমানে বহি বিভিন্ন অপশক্তি ৰোধ আৰু যুৱচামৰ সুৰক্ষাৰ স্বাৰ্থকে ধৰি বহুকেইটা লক্ষ্য আগত ৰাখি এখনি সমিতি গঠন কৰা হয়৷ সুহাবিলদলনীৰ ডি ডি এছ হাইস্কুলৰ পৰা আৰম্ভণি হয় এই পদযাত্ৰা ৷ হাতত দা, কুঠাৰ, কাচি আদি লৈ ৰাস্তাৰ দুয়োকাষতে থকা হাবিবননি চাফচিকুণ কৰি মানুহৰ ঘৰে ঘৰে গৈ উপস্থিত হয় নৱনিৰ্মাণ সমিতিৰ সদস্য সকলে ৷ প্ৰত্যেক ঘৰ মানুহকে চেনিটাইজাৰ কৰি মাস্ক পিন্ধাই হাতত অৰ্পণ কৰা হয় এখনি গোহাৰি পত্ৰ ৷ গোহাৰি পত্ৰখনত লিখা আছে সুহাবিলদলনী গাঁও খনক আদৰ্শ গাঁও ৰূপে গঢ়ি তুলিবলৈ ড্ৰাগচ, মদ, জুৱা,ভাং আদি অসামাজিক কামৰ পৰা বিৰত থকাৰ এক কাতৰ আহ্বান ৷ প্ৰতিঘৰ মানুহে অন্ধবিশ্বাসৰ বলি নহৈ, ধৰ্মনিৰপেক্ষতা বজাই ৰাখি বাল্যবিবাহ, যৌতুক আদিৰ বিৰূদ্ধেও মাত মতাৰ কাৰণে কোৱা হয় এই গোহাৰি খনত৷ সন্ধিয়া নাইবা ৰাতিৰ ভাগত তিনিআলি /চাৰিআলিৰ চ’কত জুমবান্ধি নাথাকি যুৱচামক পঢ়া কোঠালীত কেনেকৈ আৱদ্ধ কৰি ৰাখিব পাৰি সেই কৌশল অৱলম্বন কৰিবলৈ অভিভাৱক সকলক অনুৰোধ জনোৱা হয় ৷ ৰাতিৰ ভাগত ক’ৰবাত আড্ডা দিলেই তৎক্ষণাত নৱনিৰ্মাণ সমিতিক ফোন কৰি জনোৱাৰ বাবে সমিতিৰ ফালৰ পৰা কোৱা হৈছে ৷ কিয়নো ড্ৰাগচৰ কবলত পৰি স্থানীয় বহুতো যুৱক বিপথগামী হৈছে কিছুমানক ৰখা হৈছে ৰিহেবিলিটেচন কেন্দ্ৰত আৰু দুই একজন মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে ৷ ৰাইজে অভিযোগ কৰা মতে কিছুসংখ্যক পুলিচ প্ৰশাসনৰ লোক আৰু ইনফৰ্মাৰ এই চক্ৰৰ সৈতে জড়িত আছে ৷

ভালকথা এই যে দৰিদ্ৰতাই যাতে উচ্চশিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে তাৰ কাৰণেও গাঁৱৰ নতুন কৈ গঠন হোৱা নৱনিৰ্মাণ সমিতিয়ে চকু ৰাখিব আৰু উচিত পদক্ষেপ ল’ব বুলি সাংবাদিক সৈতে কথাবাৰ্তাত প্ৰকাশ কৰে৷ ৰাইজে অপৰাধৰ লগত জড়িত সকলক পুলিচ প্ৰশাসন ওচৰত অৰ্পণ কৰিব ৷ দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাটো প্ৰশাসনৰ কাম ৷ এই পদক্ষেপক বৰপেটা জিলাৰ নতুন উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰিছে সুহাবিলদলনীৰ সহজ সৰল ৰাইজে

LEAVE A REPLY

Please enter your comment!
Please enter your name here