Home স্থানীয় ইটাখোলা অঞ্চলৰ পথাৰত ভূঁ‌ই ৰোৱাত ব্যস্ত গঁ‌ঞা ৰাইজ

ইটাখোলা অঞ্চলৰ পথাৰত ভূঁ‌ই ৰোৱাত ব্যস্ত গঁ‌ঞা ৰাইজ

23
0

গণ বাৰ্তা, ইটাখোলা, ২২ জুলাইঃ অসমীয়াৰ পৰম্পৰাগত অন্যতম উপাদান স্বৰূপ কৃষি কৰ্ম। এতিয়া ব্যস্ত হৈ পৰিছে বুড়া-ডেকা,কিশোৰ-কিশোৰীয়ে শাওনৰ পথাৰত গঞা ৰাইজ। কোনোৱে যদি কঠিয়া তুলিছে,কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ,কোনোৱে আকৌ আলি পাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰুইছে ভূঁ‌ই। এইয়া ইটাখোলা অঞ্চলৰ শাওনৰ পথাৰত এক পৰম্পৰাগত মনোৰম দৃশ্য। অসমীয়া জনজীৱনৰ অবিচ্চেদ্য অংগৰ কৃষি কৰ্মৰ জৰিয়তে জাতীয় জীৱণৰ পৰিচয় শাওনৰ পথাৰত ভূঁ‌ই ৰোৱাত ব্যস্ত হৈ পৰাৰ এক পৰম্পৰা। বুৰঞ্জী প্ৰসিদ্ধ ইটাখোলাৰ মাধৱ বিল আৰু ইটাখোলা মনাইৰ বৰ পথাৰ অঞ্চল ৰাইজে বছৰ বছৰ ধৰি কৃষি কৰ্ম কৰি আহিছে। অৱশ্যে অতীতৰ গৰু হালতকৈ বৰ্তমান যান্ত্ৰিক মেচিনৰ দ্বাৰা মাটি চহোৱা পয়ভৰে শাওনৰ পথাৰত কৃষি কৰ্ম কৰা গঞা ৰাইজৰ মাদকতা কিছু ম্লান পোৱা যেন অনুভৱ হয়। তথাপি পৰম্পৰাগত ভাবে হালোৱাই হাল বাই উলিয়াই দিয়া মাটি ডৰাত গীত মাতে এক আনন্দময় পৰিৱেশৰ মাজেৰে ৰোৱনী সকলে ভুঁ‌ই ৰোৱাৰ লগতে কঠীয়া তোলা সকলেও আনন্দ মনেৰে কৃষি কৰ্মত মনোনিবেশ কৰিছে।শাওনৰ পথাৰত সচাই মন কৰিবলগীয়া যে দূপৰীয়া বোকা পানীৰ মাজত সকলো গঞাই মিলি খোৱাৰ মাদকতাই যেন সুকীয়া । চিপচিপীয়া বৰষুণত তিতি শাওনৰ ক্লেদাক্ত পথাৰত সমূহীয়া ভাৱে কৃষি কৰ্মত নমা এই সকল গঞা ৰাইজৰ মাজত নাই কোনো কৃতিমতা।যিটো সময়ত আধুনিকতাৰ পৰশ পৰি আমাৰ গ্ৰাম্য সমাজৰ পৰা কিছুমান সমুহীয়া প্ৰথা নাইকিয়া হ’বলৈ ধৰিছে সেই সময়তে ইটাখোলা অঞ্চলৰ এই সকল ৰাইজে নিজৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে কৃষি কৰ্ম কৰা ব্যৱস্থাটো অত্যন্তই ইতিবাচক হিচাপে চিহ্নিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here