Home স্থানীয় তিনিচুকীয়া জিলাৰ ফিল’বাৰীত ভগ্ন বাঁহৰ সাঁকোৰে যাতায়ত ৰাইজৰ

তিনিচুকীয়া জিলাৰ ফিল’বাৰীত ভগ্ন বাঁহৰ সাঁকোৰে যাতায়ত ৰাইজৰ

27
0

গণ বাৰ্তা, ফিল’বাৰী, ১০ জুন : চৰকাৰক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কানসাৰ নিদিয়াত তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ নাজিৰাটিং গাঁৱৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীয়ে ময়লা জান নদীৰ ওপৰত স্বনির্মিত বাঁহৰ সাঁকোৱেদি পাৰহৈ প্ৰায় দুই কিলোমিটাৰ দৈঘ্যৰ এটি জৰাজীৰ্ণ পথেৰেই বৰগাঁও দ্বিতীয় খণ্ডৰ মাজেদি অব্যাহত ৰাখিছে বহিঃবিশ্বৰ সৈতে চমু আৰু পোনপটীয়াকৈ যোগাযোগ। তাতোকৈয়ো পৰিতাপৰ কথা যে, ৰাইজে নিৰ্মান কৰি লোৱা এই সাঁকো খন বিগত শুক্ৰ বাৰে বৰষুণৰ পানীয়ে সম্পূৰ্ন কৈ উটুৱাই নিয়াত এই পোনপটীয়া যোগাযোগ ব্যাহত হৈ পৰে, যাৰ ফলত ৰাইজে প্ৰায় ছয় কিলোমিটাৰ বক্ৰপথ অতিক্রমী ৰাখিব লগীয়া হৈছে যোগাযোগ।উল্লেখযোগ্য যে, বিগত সাত বছৰৰ আগতে তদানীন্তন তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে অভিযন্তা সহ উপস্থিত হৈ সেই স্থানত এখনি কাঠৰ দলং নিৰ্মাণৰ বাবে প্ৰাককলন তৈয়াৰৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও কোনো নিৰ্মান কাৰ্য্যই আজি পৰ্যন্ত হোৱা দেখা নগল। বৃহত্বৰ অঞ্চলটোৰ একমাত্ৰ চৰকাৰী চিকিৎসা কেন্দ্ৰ ফিল’বাৰী আদৰ্শ চিকিৎসালয়, উচ্চ শিক্ষানুষ্ঠান ফিল’বাৰী মহাবিদ্যালয়, ফিলবাৰী আৰক্ষী থানা, ফিল’বাৰী ডাকঘৰ, পশু চিকিৎসা কেন্দ্ৰ, হাট বজাৰ আদিলৈ গাঁওখনৰ ৰাইজৰ চমু যোগাযোগৰ ব্যৱস্থা , এই জৰাজীৰ্ণ পথ আৰু বাঁহৰ সাঁকো খনি মেৰামতি আৰু নিৰ্মানৰ বাবে স্থানীয় ৰাইজে বহু বছৰৰ পৰা বহুবাৰ লিখিত আৰু মৌখিক আবেদন স্থানীয় ডুমডুমা সমষ্টিৰ বিধায়ক, গড়কাপ্তানী বিভাগ তথা পঞ্চায়ত আৰু গ্রাম্যউন্নয়ন বিভাগক জনাইছিল যদিও এই আবেদনৰ প্ৰতি আজি পৰ্যন্ত কোনোৱে গুৰুত্ব আৰোপ নকৰাত বিপাঙত পৰিছে গাঁওখনৰ ৰাইজ।বিশেষকৈ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে সংশ্লিষ্ট বিভাগক এই পথ আৰু দলং নিৰ্মাণৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here