ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০ মে’ ঃ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বৰ্ষপূৰ্তিৰ সময়তে তেজপুৰত আজি ৰাইজৰ দলে মূল্যবৃদ্ধি আৰু গণতন্ত্ৰৰ সুৰক্ষাক লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ তেজপুৰৰ মাজমজিয়াস্থিত ভূপেন হাজৰিকা কলাভূমি সমীপত দিনৰ ১১ বজাৰ পৰা ৰূপায়ণ কৰা দুঘণ্টীয়া এই কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে ধৰ্ণা শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷প্ৰতিবাদথলীত অংশগ্ৰহণ কৰা ৰাইজৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক অলক নাথে প্ৰদান কৰা ভাষণত প্ৰসংগক্ৰমে কয়, কেৱল বাঃ বাঃ ল’বৰ বাবেই চৰকাৰে ডাঙৰ ডাঙৰ বিজ্ঞাপন দিলেই সফলতা নুবুজায়৷ জনকল্যাণমুখী কামৰ বিপৰীতে চৰকাৰে সম্প্ৰতি এনে কিছুমান কাম কৰিবলৈ লৈছে যে য’ত জনসাধাৰণ বাৰে বাবে ক্ষতিগ্ৰস্ত হৈছে৷ সময় থাকোঁতেই চৰকাৰৰ শুভ বুদ্ধি উদয় হ’ব আৰু উত্থাপিত দাবী অনুসৰি সৰ্বসাধাৰণ ৰাইজৰ মৌলিক সমস্যৱলী সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিব বুলি আশা কৰিলোঁ৷ অন্যথা ৰাইজৰ দলেই নহয়, সকলো দল-জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো সংগঠিত আৰু একত্ৰিত হৈ পৰিব৷ ৰাজপথত এক বিক্ষোভ হ’ব আৰু গণবিষ্ফোৰণৰ সূচনা হ’ব বুলি সকীয়াই দিয়ে৷ শোণিতপুৰ জিলা ৰাইজৰ দলৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰাৰ উপস্থিতিত ৰাজ্যিক সাংগঠনিক সম্পাদক চিত্ত গগৈয়ে কয়- দিল্লীত আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি থকা কালছোৱাত আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধোৱাৰ লগতে জনসাধাৰণৰ নিৰপত্তাও নোহোৱা হৈছে৷ চৰকাৰে অনতিমপলমে এই সমস্যাৱলী সমাধান নকৰিলে ইয়াৰ পৰিণাম ভয়ানক হ’ব বুলি সকীয়াই দিয়াৰ লগতে অন্যথা শাসকীয় দলক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ ৰাইজে কুণ্ঠাবোধ নকৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক সাংগঠনিক সম্পাদক চিত্ত গগৈয়ে৷
Home অসম চৰকাৰৰ বৰ্ষপূৰ্তিত ৰাইজৰ দলৰ প্ৰতিবাদ ,গণতন্ত্ৰৰ সুৰক্ষাৰ দাবী আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদত তেজপুৰত...