Home Main Stories অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটাই সোঁশৰীৰে অসম পালেহি অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া

অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটাই সোঁশৰীৰে অসম পালেহি অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া

36
0

চৰাইদেউৰপৰা অভিজিৎ ভূঞা,২২ মে’ : অৱশেষত ৩২ দিনীয়া উৎকণ্ঠাৰ অৱসান পেলাই অসম পালেহি অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া। লাকুৱাস্থিত অ’এনজিচিৰ এটা তৈলখাদৰপৰা তিনিজনকৈ কৰ্মচাৰীক অপহৰণ কৰাৰ তিনিদিন পাছত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া নামৰ কৰ্মচাৰী দুজনক আসাম ৰাইফলচ আৰু নগা টেৰিটৰিয়েল আৰ্মীয়ে উদ্ধাৰ কৰাৰ পাছত নিৰুদ্দেশ হৈ আছিল ৰিতুল শইকীয়া নামৰ কৰ্মচাৰী জন। ইয়াৰ পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ্বান জনোৱাৰ লগতে আলফা স্বাধীনে তিনিটাকৈ তৈল প্ৰতিষ্ঠানলৈ জনোৱা ৰাজহুৱা জাননীৰ দাবী সমূহ পূৰণ কৰাত অসুবিধা নাই বুলি মন্তব্য কৰিছিল। ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতেই বৃহস্পতিবাৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এশ ঘণ্টাৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰা লগতে ৰিতুল শইকীয়া সোঁশৰীৰে নিজা বাসগৃহত উপস্থিত হ’ব বুলি ৰিতুলৰ মাক-দেউতাকক আশ্বাস প্ৰদান কৰিছিল। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মন্তব্যৰ পাছতে শুক্ৰবাৰে ৰিতুল শইকীয়াক মুকলি কৰা হ’ব পাৰে বুলি সকলোৱে উৎকণ্ঠিত হৈ আছিল যদিও আজি ৰাতিপুৱা নগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱাৰ এটা পথত পুৱতি নিশা আলফা স্বাধীনৰ কেডাৰে মুকলি কৰি দিয়াৰ লগতে পথটোৰে পোনে পোনে আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি প্ৰায় এক ঘণ্টা মান খোজকাঢ়ি আহি থকা অৱস্থাত আসাম ৰাইফলচ আৰু নগা আৰক্ষীৰ অভিযানকাৰী দল দেখা পাই হাত দাঙি নিজৰ চিনাকি দিয়ে ৰিতুলে। ইফালে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মন্তব্যৰ পাছত বিশেষভাৱে সাজু হৈ থকা চৰাইদেউ জিলা আৰক্ষীৰ দল এটাই নিশাই নগালেণ্ড জিলাৰ মন আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত আজি পুৱা ৭ বাজি ১০ মিনিটত আসাম ৰাইফলচ আৰু নগা আৰক্ষীৰ অভিযানকাৰী দলৰ পৰা নিজৰ জিম্মাত লয় । উল্লেখ্য যে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে নগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল লংৱাত ৰিতুল শইকীয়াক নিজৰ জিম্মাত লৈ নাগালেণ্ডৰ মন আৰক্ষী থানালৈ লৈ অহাৰ পাছত ম‌্যানমাৰৰপৰা কেইবাদিনো ধৰি খোজ কাঢ়ি ক্লান্ত হৈ পৰা ৰিতুলৰ স্বাস্থ্য পৰীক্ষা কৰা লগতে কিছুসময় থানাতেই জিৰণি লোৱা পাছত আজি আবেলি চাৰে তিনি বজাত চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত উপস্থিত হয় আৰু যথাৰীতি অনুসৰি নিয়মমাফিক কাৰ্য সম্পাদন কৰে। ইফালে ৰিতুল শইকীয়াক আলফা স্বাধীনে মুকলি কৰা খবৰ লাভ কৰি অধীৰ উৎকণ্ঠাৰে ৰৈ থকা পৰিয়ালৰ লোকসকলৰ লগতে অ’এনজিচিৰ নাজিৰাস্থিত অসম সম্পদৰ উৰ্ধতন কৰ্তৃপক্ষ সোণাৰি আৰক্ষী থানাত উপস্থিত হয়। আনহাতে সোণাৰি আৰক্ষী থানাত উপস্থিত হোৱাৰ পাছত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ উপস্থিতিত ৰিতুল শইকীয়াই সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী, অসম আৰক্ষী, আসাম ৰাইফলচ, নগা আৰক্ষী , সংবাদ মাধ্যমৰ লগতে প্ৰতিজন শুভাকাংক্ষী তথা অসমবাসীৰ ওচৰত কৃতজ্ঞতা জনোৱাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত দাঙি ধৰে। আলফা স্বাধীনে আজি মুকলি কৰাৰ সময়ত হাতত দুই হাজাৰ টকা দি পঠোৱাৰ লগতে এই দিনকেইটাত কোনো ধৰণৰ কোনো ধৰণৰ অত্যাচাৰ কৰা নাই বুলি মন্তব্য কৰে। আলফা স্বাধীনৰ পাঁচজনীয়া দল এটাৰ তত্বাৱধানত থকা সময়ছোৱাত বিশেষ অসুবিধাৰ সন্মুখীন হোৱা হোৱা নাছিল যদিও পাহাৰীয়া ওখোৰা-মোখোৰা পথত খোজ কাঢ়োতে উজুটি খাই পৰি হাত আৰু ভৰিত কিছু আঘাতপ্ৰাপ্ত হৈছিল বুলি মন্তব্য কৰে। ইফালে ৰিতুল শইকীয়া ম্যানমাৰৰ পৰা সোণাৰিত আহি উপস্থিত হোৱাৰ পাছতে উৎকণ্ঠাৰে ৰৈ থকা ৰিতুলৰ পৰিয়ালক আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। বিশেষকৈ কোলাত এটা কণমানি সন্তান লৈ অপেক্ষা কৰি থকা ৰিতুলৰ পত্নীয়ে আৱেগিক হৈ পৰা লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আহ্বানত ৰিতুলক মুকলি কৰি দিয়া বাবে আলফা স্বাধীনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী, সংবাদ মাধ্যম, অ’এনজিচিৰ কৰ্তৃপক্ষ, শুভাকাংক্ষী তথা অসমবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here