ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী, ২৩ নবেম্বৰঃ হৃদ ৰোগত আক্ৰান্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত নলবাৰী গৰ্ডণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ ৰোহিত শৰ্মা চিকিৎসাধীন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত । বৰ্তমান ছাত্ৰ গৰাকী গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়খনৰ অভিজ্ঞ চিকিৎসক প্ৰাকৃতিশ বৰাই জনোৱা মতে ছাত্ৰগৰাকী হৃদয়ৰ এম আই এছ চি ৰোগৰ দ্বাৰা সংক্ৰমিত হৈছে ,যাৰ বাবে ৰোহিতৰ হাৰ্টৰ চাৰিওফালে প্ৰচুৰ পৰিমাণে পানী জমা হৈছে। এই গুৰুতৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ৰোহিতক দৈনিক যথেষ্ট সংখ্যক ‘প্লাজমা গ্লোবৰ’ প্ৰয়োজন হৈছে । উল্লেখ্য যে এক ইউনিট প্লাজমা গ্লোবৰ বজাৰ মূল্য ষোল্ল হাজাৰৰো অধিক । ইতিমধ্যে ৰোহিতক লক্ষাধিক টকাৰ প্লাজমা দিয়া হৈছে যদিও আৰু অধিক প্লাজমাৰ প্ৰয়োজন হ’ব বুলিও চিকিৎসকে জানিবলৈ দিছে । ৰোহিতৰ সত্তৰ উৰ্ধৰ পিতৃ এজন সাধাৰণ ঘড়ী মেকানিক আৰু মাতৃ এগৰাকী বিশেষ ভাবে সক্ষম মহিলা । অত্যন্ত ব্যয়বহুল ৰোহিতৰ চিকিৎসাৰ সকলো খৰছ তেওঁৰ পেহীয়েক আৰু পেহায়েকে বহন কৰি আহিছে যদিও বৰ্তমান তেওঁলোকো তীব্ৰ আৰ্থিক সংকটত পৰিছে । ৰোহিতৰ ককায়েক কুলদ্বীপ শৰ্মাই অসমবাসী ৰাইজক আৰ্থিক সাহায্য আগবঢ়াই ভাতৃ গৰাকীক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিবলৈ কৰযোৰে প্রাৰ্থনা কৰিছে ।উল্লেখযোগ্য যে ৰোহিত জন্মৰ পৰাই হৃদৰোগত আক্ৰান্ত । ২০১০ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰোহিতক সম্পূৰ্ণ চৰকাৰী খৰচত বেংগালুৰুত এটা জটিল হৃদয়ৰ অস্ত্ৰোপচাৰ কৰিছিল । তেতিয়া হস্পিতাল কৰ্তৃপক্ষই ৰোহিতৰ হাৰ্টত এটা ফুটা থকাৰ কথা কৈছিল যদিও সেইটো সেই সময়ত নিৰ্মূল কৰা সম্ভৱ নাছিল সেইটো ৰোহিতৰ ১৫-১৬ বছৰ বয়সতহে নিৰ্মূল কৰিব বুলি জনাইছিল । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰোহিতৰ সকলো চিকিৎসা চৰকাৰী ভাবে কৰি মেধাবী ছাত্ৰ গৰাকীক জীৱন দান দিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।বৰ্তমান ৰোহিতৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি দিশহাৰা হৈছে পৰিয়ালটো । কোনো সহৃদয়বান লোকে মেধাবী ছাত্ৰ ৰোহিত শৰ্মাৰ চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰিলে 8812948507 নম্বৰত যোগাযোগ কৰিবলৈ ককায়েক কুলদ্বীপ শৰ্মাই কাতৰ অনুৰোধ জনাইছে ।Account no-50180031385663IFSC- BDBL0001354Bank name-Bandhan bankAccount holder Name-Kuldeep SarmaBranch-NalbariPhn Pay/Google pay- 8812948507UPI ID- kunalsarmarocks@okhdfcbank