Home ক্ৰীড়া ২০২৩ ৰ বিশ্বকাপলৈকে এদিনীয়া-টেষ্টত টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই

২০২৩ ৰ বিশ্বকাপলৈকে এদিনীয়া-টেষ্টত টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই

91
0

নতুন দিল্লী, ২১ নৱেম্বৰ: আগন্তুক দিনত ভাৰতীয় ক্ৰিকেট দলত বৃহৎ পৰিৱৰ্তন হ’ব। টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা ৰোহিত শৰ্মাৰ অধিনায়কত্বৰ পৰা বিদায় নিশ্চিত। ইয়াৰ স্বত্ত্বেও, বিচিচিআইৰ নিৰ্বাচকসকলে কমেও ২০২৩ ৰ বিশ্বকাপলৈকে এদিনীয়া আৰু টেষ্টত টীম ইণ্ডিয়াক নেতৃত্ব দিবলৈ ৰোহিতৰ ওপৰত নিৰ্ভৰ কৰিব। অপেনাৰজনে ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত টি-২০ বিশ্বকাপ ২০২২ ত লাভ কৰা দুখজনক স্মৃতিবোৰ পাহৰি যোৱাৰ সুযোগ পাব। প্ৰাপ্ত খবৰ অনুসৰি শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ আৰু এদিনীয়া শৃংখলাৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াক ভাৰতৰ টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে। সূত্ৰ অনুসৰি ৰোহিত শৰ্মাই টেষ্ট আৰু এদিনীয়াত টীম ইণ্ডিয়াৰ অধিনায়ক হৈ থাকিব। শ্ৰীলংকা শৃংখলাৰ পূৰ্বে তেওঁক ভাৰতৰ টি-২০ অধিনায়ক হিচাপে ঘোষণা কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here