Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত: জেলেনস্কিৰ দেশত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত: জেলেনস্কিৰ দেশত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী

401
0

নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী: ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷ ৰাছিয়াৰ যুঁজাৰু বিমানবোৰ ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওপৰত ঘূৰি আছে৷ ঠাই ভেদে বোমাবৰ্ষণ হয়৷ ইপিনে বহুতো ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনত আৱদ্ধ হৈ আছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে তেওঁলোকক সময়মতে ঘৰলৈ অনাৰ কোনো প্ৰয়াস কৰা হোৱা নাই৷ অৱশ্যে, ভাৰত চৰকাৰ এতিয়া এই ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন উচ্ছ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে৷ এক প্ৰতিবেদন অনুসৰি, বৰ্তমান প্ৰায় ২০,০০০ ভাৰতীয় ইউক্ৰেইনত আৱদ্ধ হৈ আছে৷ তেওঁলোকৰ বহুসংখ্যক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here