কিয়েভ/ মস্কো, ২৭ এপ্ৰিল ঃ ইউক্ৰেইনত যুদ্ধৰ বাবে ২১ বছৰীয়া বোহাদানা ইউছিনাই মাক-দেউতাকৰ পৰা আঁতৰি যাব লগা হয়৷ তেওঁ উল্লেখ কৰে যে যেতিয়া তেওঁ লিভলৈ যাবলৈ ৰেলখন ধৰে তেতিয়া তেওঁৰ চকু ভৰি পৰিছিল৷ ইয়াৰ পিছতে পোলেণ্ড আৰু বুলগেৰিয়াৰ বিষয়াসকলে ৰাছিয়াক প্ৰাকৃতিক গেছ প্ৰদান বন্ধ কৰে৷ দৰাচলতে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ পিছত বিশ্বৰ ডাঙৰ দেশবোৰে ৰাছিয়াৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰে যাৰ পিছত ৰাছিয়াই ইয়াৰ মুদ্ৰা ৰুবেলত বাণিজ্য কৰাৰ সিদ্ধান্ত লয়৷