Home Main Stories চোৰাংচোৱাগিৰি: আলফাৰ শিবিৰত সঞ্জীৱ-ধনজিতক মৃত্যুদণ্ড

চোৰাংচোৱাগিৰি: আলফাৰ শিবিৰত সঞ্জীৱ-ধনজিতক মৃত্যুদণ্ড

64
0

কোন দিশে আলফা-চৰকাৰৰ শান্তি আলোচনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ মে’ ঃ অসম আৰক্ষীৰ হৈ আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুই যুৱক ক্ৰমে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মাক অৱশেষত আলফা স্বাধীনে শাস্তি হিচাপে শনিবাৰে পুৱাৰ ভাগত মৃত্যুদণ্ড বিহে। আলফা স্বাধীন নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষ ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা ঘোষণা কৰে। সংযুক্ত মুক্তি বাহিনী অসমৰ নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষ ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসমে বিবৃতিযোগে কয় যে এই জাননীৰ জৰিয়তে অসমৰ মুক্তিকামী জনগণৰ লগতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) তথা ইয়াৰ অধীনস্থ সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)ৰ সমূহ বিষয়া আৰু সদস্য-সদস্যাৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে সংগঠনৰ ভিতৰত শত্ৰুৰ চোৰাংচোৱাৰ অনুপ্ৰৱেশ বা প্ৰতিবিপ্লৱী সৃষ্টি শত্ৰুৰ প্ৰাচীন ৰণকৌশল। অসমৰ সন্মিলিত জাতীয় মুক্তি বিপ্ল­ৱৰ দীৰ্ঘ পথ পৰিক্ৰমাত এইটো নিশ্চয়কৈ নতুন কথা নহয়। প্ৰতিপক্ষৰ সকলো দুৰভিসন্ধি প্ৰতিৰোধ কৰি সতৰ্কতাৰে আগুৱান হোৱাটোহে প্ৰতিগৰাকী স্বাধীনতা সেনানী কিম্বা থলগিৰি জনগণৰ প্ৰধান দায়িত্ব। আমাৰ সংগঠনৰ উচ্চতম পৰিষদৰ সভাপতিকে ধৰি সকলো খিতাপ অথবা পদবী নিৰ্বিশেষে নতুন সদস্যগৰাকীলৈকে সংগঠনৰ পবিত্ৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া শৃংখলা, অনুশাসন, নিয়মাৱলী আৰু পালনীয় আচৰণবিধি হ’ল মুক্তি বিপ্ল­ৱক বলিষ্ঠ ৰূপত আগবঢ়াই নিয়াৰ বুনিয়াদী ভিত্তি। সংগঠনৰ প্ৰতিটো স্তৰতে ইয়াৰ যথোচিত প্ৰয়োগ আৰু কঠোৰভাৱে পালন কৰি যোৱাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। সৱল বিপ্ল­ৱী নৈতিকতাৰে স্বদেশ-স্বজাতিৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে সহযোদ্ধা-সতীৰ্থই কৰা অহোপুৰুষাৰ্থৰ ওচৰত বৈৰী শক্তিৰ যিকোনো গুপ্ত ষড়যন্ত্ৰ অথবা কু-চক্ৰান্ত পৰাজিত হ’বলৈ বাধ্য।

সংগঠনৰ ভিতৰত ছদ্মবেশী দেশপ্ৰেমিকৰ ভাও লৈ শত্ৰুৰ শ্ৰুতলিপি মতে সংগঠনৰ ক্ষতি কৰিব পৰা সংবিধান পৰিপন্থী কাৰ্যক জাতিদ্ৰোহী অপৰাধ হিচাপে আমাৰ সংগঠনে জন্মলগ্নৰে পৰা আজিকোপতি গণ্য কৰি আহিছে। এইক্ষেত্ৰত শূন্য সহনশীল নীতি অনাগত দিনতো বাহাল থাকিব বুলি উল্লেখ কৰি ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসমে লগতে বিবৃতিটোত উল্লেখ কৰে যে যোৱা ইংৰাজী ২৪-০৪-২০২২ তাৰিখে দুপৰীয়া প্ৰায় ১২ বজাত নৱাগত সদস্য ধনজিৎ দাস ওৰফে ৰূপক অসম (পিতৃৰ নাম ঃ প্ৰয়াত উত্তম দাস, মাতৃৰ নাম ঃ প্ৰয়াত বীণা দাস, গাঁওঃ বৰপেটা টাউন, ডাকঘৰ ঃ বৰপেটা, জিলাঃ বৰপেটা)এ ‘সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)’ৰ চলমান শিবিৰত বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰিছিল। কিন্তু ইংৰাজী ২৫ এপ্ৰিলত আমাৰ নিয়মিত পহৰাৰত ভ্ৰাম্যমাণ দল এটাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। কৰায়ত্ত সদস্যগৰাকীক সংশ্লি­ষ্ট প্ৰশাসনিক পৰ্যায়ত আৰু দায়িত্ববাহী বিষয়াৰ তত্ত্বাৱধানত সোধা-পোছাৰ লগতে তৎপৰতাৰে তদন্ত আৰম্ভ কৰাত; ৰূপক অসমে নিজৰ সকলো অপৰাধ তদন্তকাৰী বিষয়াৰ সন্মুখত নিজমুখে ব্যক্ত কৰাৰ উপৰিও উদ্দেশ্য প্ৰণোদিতভাৱে চলমান শিবিৰৰ পৰা পলায়ন কৰাৰ আগমুহূৰ্তত কেইবাজনো নতুন সদস্যক প্ৰলোভন দেখুৱাই আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সংগঠনত যোগদানৰ বাবে যোগাযোগ কৰি থকা সময়ছোৱাৰ ভিতৰত একাংশ আৰক্ষী বিষয়াৰ লগত সংগোপনে জড়িত হৈ আমাৰ সমৰ্থক-শুভাকাংক্ষীক চিনাক্ত কৰি অসম আৰক্ষী বাহিনীৰ হাতত ধৰাই দিয়াৰ লেখীয়া একাধিক গুৰুতৰ অপৰাধত লিপ্ত থকাৰ কথা অকপটে স্বীকাৰ কৰে। সেয়ে ইংৰাজী ০৪-০৫-২০২২ তাৰিখে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিচাৰ সদনে অভিযুক্ত সদস্যগৰাকীৰ অকপট স্বীকাৰোক্তি আৰু প্ৰমাণিত তথ্যৰ আধাৰত সকলো দিশ নিৰ্মোহ পৰ্যালোচনাৰ অন্ততঃ সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা- ৮ ইউ,পি,চি, (হু.ত্ন.ট্ৰ.) অনুচ্ছেদ (প) অনুসৰি (১) ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ প্ৰচেষ্টা চলোৱা (২) প্ৰতিবিপ্ল­ৱী কাৰ্যত জড়িত হোৱা;

অনুচ্ছেদ (ঘ) আৰু (৩) অনুযায়ী- আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল। আনকি বিচাৰ উপবিধিৰ বিশেষ অনুচ্ছেদত আন এগৰাকী নৱাগত সদস্য সঞ্জীৱ শৰ্মা ওৰফে  ঋষৱ অসম (পিতৃৰ নাম ঃ  মুনিন্দ্ৰ শৰ্মা, মাতৃৰ নাম ঃ প্ৰয়াত জুনু দেৱী, গাঁওঃ মুক্তাপুৰ, ডাকঘৰ ঃ লোচ, থানা ঃ বাইহাটা চাৰিআলি, জিলা ঃ কামৰূপ-এ ভাৰতীয় দখলদাৰী বাহিনী আৰু একাংশ অসম আৰক্ষীৰ বিষয়াৰ নিৰ্দেশত ধনৰ লালসাত বৈৰী ৰাষ্ট্ৰৰ চোৰাংচোৱা হিচাপে আমাৰ সংগঠনত যোগদানৰ গইনাৰে সংগঠনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্ৰ সংস্থাপনেৰে শত্ৰু পক্ষক খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ নিচিনা ঘৃণনীয় গোপন অভিযান পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ অভিপ্ৰায়ৰে সদস্যভুক্তি হোৱাৰ কথা নিজমুখে স্বীকাৰ কৰে। সেয়ে ইংৰাজী ০৫-০৫-২০২২ তাৰিখে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আন এখন বিচাৰ সদনে সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা- ৯ ইউ,পি,চি, (হু.ত্ন.ট্ৰ.)ৰ বিশেষ অনুচ্ছেদ (২) অনুসৰি দখলদাৰী শত্ৰুৰ হৈ চোৰাংচোৱা কাৰ্যত লিপ্ত থকা তথা গুপ্ত ষড়যন্ত্ৰৰ বিষয়ে নিজ মুখে স্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্তৰে  সঞ্জীৱ শৰ্মা ওৰফে ঋষৱ অসমক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল। আলফা স্বাধীনৰ নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষ এ জেদ শিৰোনাম অসমে লগতে কয় যে উপৰিউক্ত সদস্য দুগৰাকীৰ দোষ ক্ষমাৰ অযোগ্য হোৱা হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি ৭ মে’ শনিবাৰে পুৱা দুয়োকে এনে অবাঞ্ছিত মৃত্যুদণ্ড বিহা হ’ল। এনে অৱস্থাত এতিয়া প্ৰশ্ন উত্থাপন হৈছে বহু আকাংক্ষিত আলফা আৰু চৰকাৰৰ শান্তি আলোচনা ইয়াৰ মাজতো সম্ভৱ হ’বনে?

LEAVE A REPLY

Please enter your comment!
Please enter your name here