ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৬ ছেপ্তেম্বৰ : নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ সহকাৰী গাণনিক খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰীগৰাকীক কালি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত নিশাই একেটা কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ এটা তদন্তকাৰী দলে। উল্লেখযোগ্য যে নগাঁও আৰক্ষীৰ নবীন বৰা নামৰ এগৰাকী কনিষ্টবলৰ পৰা জিপিএফৰ ঋণ মুকলি কৰি দিয়াৰ বিনিময়ত খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰীগৰাকীয়ে এহাজাৰ টকা উৎকোচ লোৱাৰ অপৰাধত কালি বিয়লি নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত এটা অভিযানকাৰী দলে কৌশলেৰে খুচবু হৰলালকাক উৎকোচ লোৱাৰ সময়ত হাতেলোটে আটক কৰিছিল। ধৃত মহিলাগৰাকীক তদন্তকাৰী আৰক্ষীৰ দলে জেৰা চলোৱাৰ সময়ত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশাই নগাঁও সদৰ আৰক্ষী থানাৰ এটি দলে চহৰখনৰ পানীগাঁও ছয়আলিৰ নিজ বাসগৃহৰ পৰা নগাঁও কোষাগাৰৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰক আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ নং ২২১৫য২১ মৰ্মে তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ লগতে ধৃত কৰ্মচাৰী দুজনক সোধা-পোছা অব্যাহত ৰাখিছে।