Home স্থানীয় অসমৰ অস্তিত্বৰ প্ৰতি ভাৱুকি অহা কোনো কাম সহ্য কৰা নহ’ব — শংকৰ...

অসমৰ অস্তিত্বৰ প্ৰতি ভাৱুকি অহা কোনো কাম সহ্য কৰা নহ’ব — শংকৰ জ্যোতি বৰুৱা

259
0

গণবাৰ্তা , চামতা , ৫ চেপ্তেম্বৰ :” অসমৰ অস্তিত্বৰ প্ৰতি ভাৱুকি সৃষ্টি কৰিব পৰা কোনো কাম ছাত্ৰ সন্থাই সহ্য নকৰে ৷ বৃহৎ নদীবান্ধৰ বিৰূদ্ধে ৰাজপথৰ প্ৰতিবাদৰ সমান্তৰালকৈ আইনী যুজটো নামিব ছাত্ৰ সন্থা ৷ ” এই মন্তব্য সদ্যৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ ৷ আজি নলবাৰীত এক ব্যক্তিগত কাৰ্যসূচীৰে উপস্থিত হোৱা সম্পাদক গৰাকীয়ে চৰকাৰে লকডাউনৰ সূযোগ লৈ বৃহৎ নদীবান্ধৰ কাম আগবঢ়াই নিয়া কাৰ্যকো সমালোচনা কৰাৰ লগতে বৃহৎ নদীবান্ধৰ কাম বন্ধ ৰাখিবলৈ দাবী জনাই ৷ লগতে বৃহৎ নদীবান্ধে অসমলৈ ভাৱুকি সৃষ্টি কৰিব বুলিও প্ৰকাশ কৰে ৷ আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে অশোক কাগজ কলৰ কৰ্মচাৰী সকলক চৰকাৰে আৱাস খালী কৰিব দিয়া কাৰ্যৰো বিৰোধীতা কৰি কয় যে , অসম কাগজ কল চৰকাৰে জীয়াই তুলিব লাগে আৰু কাৰ্যক্ষম হৈ নুঠা পৰ্যান্ত কাগজ কলটোৰ কৰ্মচাৰী সকলৰ জীৱন -জীৱিকা সু নিশ্চিত কৰিব লাগে ৷ অসম চুক্তি মৰ্মে কাগজ কল সমূহ জীয়াই তুলিব লাগে ৷ ইয়াৰ উপৰিও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ যিকোনো ত্যাগৰ বিনিময়ত আদানী এয়াৰপ’ৰ্টলৈ নামান্তৰতি কৰিব দিয়া নহয় বুলি হুংকাৰ প্ৰদান কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷ লগতে ছাত্ৰ সন্থাই কাগজ কলৰ কৰ্মচাৰীসকলৰ পক্ষত অৱস্থান কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৷ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্বৰ্দ্ধনা গ্ৰহন কৰে আছুৰ সম্পাদক গৰাকীয়ে ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here