Home Uncategorized মৌলানা ভাসানী ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত সৰকপাৰা এফ চিৰ জয়লাভ

মৌলানা ভাসানী ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত সৰকপাৰা এফ চিৰ জয়লাভ

111
0

গণবাৰ্তা, ফকিৰগঞ্জ, ১৫জানুৱাৰী: আইৰকাটা অজন্তা ক্লাৱ কাম লাইব্ৰেৰীৰ উদ্যোগত অনুষ্ঠিত মৌলানা আব্দুল হামিদ খান ভাসানী ফুটবল টুৰ্ণামেণ্টৰ ছেমিফাইনেল খেলখনত আজি সৰকপাৰা এফ চি দলে ৪-০ গলত জয়লাভ কৰে। সৰকপাৰা এফ চি বনাম দক্ষিণ শালমাৰা এফ চিৰ মাজত অনুষ্ঠিত হয় প্ৰথমখন ছেমি ফাইনেল খেল। উত্তেজনাময় খেলখনত সৰকপাৰা এফ চি দলে চাৰিটাকৈ গল স্কৰ কৰি বিজয়ী হয় । অঞ্চলটোৰ অগণন দৰ্শকে খেলখন উপভোগ কৰে । অহা কালি হব লগা দ্বিতীয় খন ছেমি ফাইনেল ফুটবল অনুষ্ঠিত হ’ব বাগানপাৰা এফ চি বনাম নামাচালা এফ চি দ’ল। সময় দিনৰ 1.30বজাত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here