Home স্থানীয় যমুনা নদীত অবৈধ বালি খননৰ বিৰুদ্ধে সৰৱ হোজাই বন বিভাগ

যমুনা নদীত অবৈধ বালি খননৰ বিৰুদ্ধে সৰৱ হোজাই বন বিভাগ

386
0

গণ বাৰ্তা, হোজাই,মোৰাঝাৰ ১৪ মাৰ্চ: হোজাই জিলাৰ ডবকাৰ যমুনা উপত্যকাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰি, যমুনাগাঁ, চিতলমাৰি আদি এলেকত বিগত বহু দিনৰ পৰা এটা চক্ৰই যমুনা নদীত অবৈধ বালি ঘাট সাজি জিলাখনৰ বিভিন্ন প্ৰান্তত বালি সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল৷ ফলত চৰকাৰৰ বন বিভাগে মাহিলি লাখ লাখ টকা ৰাজহ হেৰুৱাইছিল৷ অলপতে একাংশ ৰাইজে অভিযোগ উত্থাপন কৰি কয়, যমুনা নৈৰ পৰা দিনে নিশাই চলিছে অবৈধ খনন কাৰ্য আৰু সৰু ডাঙৰ টাটা মবাইল, ট্ৰাক আদিৰে অবৈধ বাবে বালি সৰবৰাহ কৰি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ আনকি, হোজাই- কাৰ্বি আংলং জিলাৰ সিমান্তৱৰ্তী এলেকাৰ যমুনা গাঁওৱত অবৈধ বালি সৰবৰাহকাৰী সকলে যমুনা নদীখন শুকাই যোৱাৰ সুযোগ গ্ৰহণ কৰি নৈৰ মাজেৰে টাটা মবাইল ট্ৰাক চলাচল কৰিব পৰাকৈ পথ সাজি নদীৰ গতিপথ সলনি কৰিছে একাংশ দুষ্ট চক্ৰই৷ বালিৰ অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ দক্ষিন নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া গুণদীপ দাসে কালি যমুনা নৈৰ কেইবাখনো ঠাই পৰিদৰ্শন কৰে৷ অৱশ্যে, ডিএফঅ’ গুণদীপ দাসৰ পৰিদৰ্শন কালত অবৈধ বালিৰ গাড়ীসমূহৰ চলাচল বন্ধ আছিল৷ অবৈধ বালি ব্যৱসায়ী সকল ইমানেই চতুৰ যে ,কোনফালে বন বিভাগ বিষয়া- কৰ্মচাৰী গৈ আছে, সেই খবৰটো আগতীয়াকৈ লাভ কৰি বন বিভাগৰ লোক গঠনাস্থলী পুৱাৰ পূৰ্বেই পলায়ণ কৰে চক্ৰটোৱে৷ আজি দিনৰ ভাগত ডবকা বনাঞ্চলিক বিষয়া জিৰচং তেৰাঙৰ নেতৃত্বত বন বিভাগৰ এটা দল অবৈধ বালি ঘাট আৰু বালি ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাবলৈ যমুনা গাঁওত উপস্থিত হয়, তেনে সময়তে স্থানীয় সাংবাদিকৰ এটা সজাতি দল যমুনা গাঁৱত উপস্থিত হৈ স্থানীয় ৰাইজ, চৰকাৰী গাঁওবুঢ়া, বন বিভাগৰ লোকৰ সৈতে বাৰ্তালাপ কৰ,৷ বাৰ্তালাপত চৰকাৰী গাঁওবুঢ়াই সংবাদ মাধ্যমৰ আগত কয়, আমাৰ যমুনাগাঁওত কিছুদিনৰ পৰা অবৈধ বাবে কাৰ্বি মানুহে মহল সাজি ব্যৱসায় কৰি গৈছে৷ বৰ্তমান বন বিভাগে বন্ধ ৰখাৰ নিৰ্দেশ দিয়াত মই চৰকাৰী গাঁওবুঢ়া হিচাপে ৰাইজলৈ অবৈধ বালিৰ বেহা বন্ধ কৰাৰ আহ্বান জনাম বুলি গাঁওবুঢ়াই মন্তব্য কৰে৷ স্থানীয় যুৱক মক্তাৰ আলিয়ে সদৰি কৰামতে, কাৰ্বি আংলং বন বিভাগে হোজাই জিলাত বালি মহল স্থাপন কৰি আমাৰ হোজাই জিলাৰ ভূমিত অবৈধবাভে স্থাপন কৰিছে, সেয়েহে শীঘ্ৰে দুয়োখন জিলাৰ বন বিভাগৰ বিষয়া সকল যৌথ বাবে মিলিত হৈ বিবাদ মীমাংসাৰ কৰাৰ আহ্বান জনায় ৷ডবকা বন বিষয়া জিৰচং তেৰাংয়ে কয়- মাজে সময়ে উক্ত অঞ্চলবোৰত অবৈধ বালিৰ ব্যৱসায় চলি থাকে, আমি খবৰ পোৱাৰ লগে লগে আহি থাকো যদিও আমি অহাৰ উমান পাই বালি ব্যৱসায়ী সকলে নিজৰ নিজৰ গাড়ী লৈ পলায়ন কৰে৷ তেও লগতে কয়, হোজাইৰ ডিএফৰ নিৰ্দেশ মৰ্মে ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ নিয়মীয়া টহল আৰম্ভ কৰিছে৷ সম্প্ৰতি ডবকাৰ যমুনা নৈ এলেকাত বন বিভাগে অবৈধ খনন কাৰ্য বন্ধ কৰাৰ কাৰণে অভিযান আৰম্ভ কৰিছে বুলি উল্লেখ কৰি বিষয়া গৰাকীয়ে লগতে কয়, কিছুদিন পূৰ্বে হোজাইৰ ডিএফঅ’ আৰু  ডবকা বনাঞ্চলিক বিষয়াৰ পৃষ্ঠপোষকতাত অবৈধ বালিৰ খনন কাৰ্য আৰু অবৈধ বেহা চলি থকাৰ অভিযোগ নৈসাৎ কৰি বন বিষয়া গৰাকীয়ে কয়, আমাৰ ডবকাত বন বিভাগৰ ষ্টাফত মানুহ কম, প্ৰয়োজন অনুসৰি মেন পাৱাৰ নাই, সেয়োহে কেতিয়া আমি অন্য ঠাইত অভিযান চলাই থকাৰ সময়ত আন এঠাইৰ পৰা খবৰ আহিলে আমি গন্তব্য স্থান পোৱাৰ পূৰ্বে চোৰাং ব্যৱসায়ী পলাই যায়৷ যদিও আমাৰ অভিযান আৰু তীব্ৰ হৈ উঠিব৷ হোজাইৰ ডি এফ অ গুনদীপ দাসৰ নিৰ্দেশত ডবকা বন বিভাগ হঠাৎ সৰৱ হোৱা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here