Home Main Stories মোদী মন্ত্ৰীসভাত আন এক গুৰু দায়িত্ব লাভ কৰিলে সৰ্বানন্দ সোণোৱালে : ৰাজনৈতক...

মোদী মন্ত্ৰীসভাত আন এক গুৰু দায়িত্ব লাভ কৰিলে সৰ্বানন্দ সোণোৱালে : ৰাজনৈতক পৰিক্ৰমা কেবিনেট কমিটীত অন্তৰ্ভুক্ত সোণোৱাল

33
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুলাই : সৰ্বানন্দ সোণোৱালক পুনৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিলে আন এক গুৰুত্বপূৰ্ণ দায়িত্ব। কেন্দ্ৰীয় মন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মোদী মন্ত্ৰীসভাৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত। নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। সৰ্বানন্দ সোণোৱালৰ উপৰি কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাগৰাকীও যুৱ কেবিনেট মন্ত্ৰীক। আজি এই কথা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। সোণোৱালৰ লগতে এই কমিটীত আছে পৰিৱেশ আৰু শ্ৰমমন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্যমন্ত্ৰী মনসুখ মণ্ডাৱিয়া আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং। উল্লেখযোগ্য যে উত্তৰ-পূবৰ আন এগৰাকী দক্ষ মন্ত্ৰী, আইনমন্ত্ৰী কিৰেন ৰিজিজুকো প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here