Home নগাঁও নগাঁৱত বীৰ লাচিত সেনাৰ সভাত শৃংখল চলিহা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক মানসিক...

নগাঁৱত বীৰ লাচিত সেনাৰ সভাত শৃংখল চলিহা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক মানসিক ৰোগী আখ্যা ‘‘ ‘কা’ বলবৎ নহওতেই অসমত হিন্দু বাংলাদেশীৰ উৎপাত বাঢ়িছে ‘‘

114
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২০ অক্টোবৰ: আজি অনুষ্ঠিত এখন সভাত বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিখন পুনৰ্গঠন হয়৷ সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত সমিতিখন ঘোষণা কৰে৷ সেই অনুযায়ী সভাপতি হিচাপে ৰূপজ্যোতি শইকীয়া, কাৰ্যকৰী সভাপতি হিচাপে অপূৰ্ব বৰা, উপ-সভাপতি হিচাপে দীপেন কটকী, কামাৰ নাজমুন, অনুপম বৰগোহাঁই, ড॰ অশ্বিনী বৰুৱা, ড॰ দীপশংকৰ শইকীয়া; সচিব যুটীয়াভাৱে-বিতোপন শইকীয়া [সাংগঠনিক] আৰু পংকজ ভূঞা [প্ৰশাসনিক]; সহঃ সচিব প্ৰদীপ বৰা, মৃদুপৱন শইকীয়া, কৰণ বৰা, শ্যামন্ত শইকীয়া, জিষ্ণু বৰা, ৰিকুৰাজ কলিতা, সুনীল দাস, সাংগঠনিক সচিব গৌতম বৰা, তপন বৰা, ত্ৰৈলোক্য শইকীয়া, লক্ষী শইকীয়া, বিক্ৰম শইকীয়া, মনোজ বৰা; প্ৰচাৰ সচিব নয়নজ্যোতি বৰা, মানস ৰাজখোৱা, ইন্দ্ৰমোহন বৰুৱা, জিন্তুমণি ডেকা, সাংস্কৃতিক সচিব বিমান বৰা, গৌৰৱ বৰুৱা, বিত্ত সচিব কীৰ্তিকমল শইকীয়া, শিক্ষা সচিব প্ৰাচুৰ্যপ্ৰাণ নাথ, দীপজ্যোতি মেধি, ক্ৰীড়া সচিব আদিল আলম, জয়ন্ত বৰা, শাৰীৰিক প্ৰশিক্ষক হিচাপে অপৰূপ বৰদলৈক দায়িত্ব অৰ্পণ কৰা হৈছে৷ আজি অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় সমিতিৰ সহঃ সচিব হৰকুমাৰ গগৈ, সাংগঠনিক সম্পাদক ৰিপুঞ্জয় তামুলী আদিও উপস্থিত থাকে৷ ইপিনে, সভাৰ পিছত সাংবাদিকৰ আগত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাই কয় যে-বিজেপি চৰকাৰে আদানী আৰু আম্বানীৰ ওচৰত গণতন্ত্ৰক বিক্ৰী কৰিব বিচাৰিছে৷ কিন্তু দুটা গুজৰাটী বেপাৰীৰ ওচৰত দেশ বিক্ৰী কৰিবলৈ দিয়া নহ’ব৷ চলিহাই লগতে কয় যে গণতন্ত্ৰত কৃষকৰ কথা চৰকাৰে শুনিব লাগিব৷ সৰ্বসাধাৰণৰ কথা শুনিব লাগিব৷ চাৰি-পাঁচজন বেপাৰীৰ কথামতে চলা চৰকাৰ উফৰি যাবলৈ বেছি সময় নালাগিব৷ ইপিনে, বৰাকত অসমীয়া ভাষাৰ হৰ্ডিঙত একাংশ দুষ্কৃতিকাৰীয়ে ক’লা ৰং সনা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চলিহাই কয় যে আমি ভাষাৰ ক্ষেত্ৰত কোনোদিনেই আপোচ কৰা নাই৷ অসমত থকা বাঙালী ফেডাৰেচন, ভোজপুৰী ফেডাৰেচন, মাৰোৱাৰী ফেডাৰেচন আদি সংগঠনসমূহ নিষিদ্ধ কৰি দিব লাগে৷ অসমত থাকি অসমৰ বতাহ লৈ অসমীয়াৰ বিৰুদ্ধে সংগঠন গঠন কৰা কাৰ্য সহ্য কৰা নহ’ব৷ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক মানসিক বিকাৰগ্ৰস্ত লোক বুলি অভিহিত কৰে বীৰ লাচিত সেনাৰ নেতাজনে৷ হজৰত মহম্মদৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাই কৰা মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ বুলি মন্তব্য কৰি শৃংখল চলিহাই কয় যে সি এটা মানসিক ৰোগী৷ লগতে তেওঁ কয়, শ্বহীদৰ বিষয়ে বিৰূপ মন্তব্য কৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ দৰে সত্যৰঞ্জন বৰাকো গ্ৰেপ্তাৰ কৰিব লাগে৷ অসমত আমি শান্তিৰে জীয়াই আছোঁ৷ এনেধৰণৰ মন্তব্যই অসমত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব৷ তেওঁ কয় যে ‘কা’ বলৱৎ নৌহওঁতেই হিন্দু বাংলাদেশীৰ উৎপাত বৃদ্ধি পাইছে৷ ‘কা’ বলৱৎ হ’লে এই উৎপাত আৰু বাঢ়িব৷ সত্য কথা কোৱা বাবেই আমাক জে’লত ভৰালে৷ ভাৰতবৰ্ষৰ অন্য ৰাজ্যত ‘কা’ বলৱৎ কৰক আমাৰ আপত্তি নাই৷ কিন্তু অসমত ‘কা’ বলৱৎ কৰিব নোৱাৰিব৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here