Home Main Stories ২০২০-২১ ত পৰিয়ালৰ ওপৰত জিডিপিৰ ৩৭.৩ শতাংশলৈ ঋণৰ বোজা বৃদ্ধি ; এছবিআইৰ...

২০২০-২১ ত পৰিয়ালৰ ওপৰত জিডিপিৰ ৩৭.৩ শতাংশলৈ ঋণৰ বোজা বৃদ্ধি ; এছবিআইৰ উদ্যেগজনক প্ৰতিবেদন

139
0

মুম্বাই, ৭ জুলাই : কোৰোনা মহামাৰীৰ ফলত দেশৰ জনগণৰ আৰ্থিক অৱস্থা নিম্ন অৱস্থালৈ গতি কৰিছে। কোৰোনা মহামাৰীৰ ফলত ঘোষণা কৰা লকডাউন আৰু আনলকৰ ফলত বহু লোকে চাকৰি হেৰুওৱাৰ সমান্তৰালকৈ আন বহুৱে সাঁচতীয়া ধন ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। ভৱিষ্যতৰ বাবে সাঁচি ৰখা ধন এতিয়াও দেশৰ জনগণে উলিয়াই ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ মাজতেই ভাৰতীয় ৰিজাৰ্ভ বেংকে চলোৱা এক অধ্যয়নত এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। তেওঁলোকৰ অধ্যয়নত পোহৰলৈ অহা তথ্য অনুসৰি দেশৰ পৰিয়ালৰ ওপৰত ঋণৰ বোজা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। ২০২০-২১ বিত্তীয় বৰ্ষৰ জিডিপিৰ ৩৭.৩ শতাংশলৈ পৰিয়ালৰ ঋণৰ বোজা বৃদ্ধি পাইছে। ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰিয়ালৰ ঋণৰ বোজা আছিল ৩২.৫ শতাংশ। অৰ্থাৎ এটা বিত্তীয় বৰ্ষৰ পিছতেই পৰিয়ালৰ ঋণৰ বোজা অভূতপূৰ্ব হাৰত বৃদ্ধি পাইছে। ষ্টেট বেংকৰ অধ্যয়ন অনুসৰি কোৰোনাৰ দ্বিতীয়টো লহৰত পূৰ্বৰ তুলনাত ঋণৰ পৰিমাণ বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষত পৰিয়ালৰ ঋণৰ বোজা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ৰিজাৰ্ভ বেংকে এই কথা প্ৰকাশ কৰিছে যে ২০১৭ত জিএছটি বলৱৎ কৰাৰ পিছৰে পৰাই পৰিয়ালৰ ঋণৰ বোজাৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ২০১৬ৰ নৱেম্বৰত বিমুদ্ৰাকৰণ ঘোষণা কৰা হৈছিল। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি ২০১৭-১৮ত পৰিয়ালৰ ঋণৰ বোজাৰ পৰিমাণ আছিল জিডিপিৰ ৩০.১ শতাংশ। ২০১৮-১৯ত ইয়াৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ৩১.৭ শতাংশ, ২০১৯-২০ত ৩২.৫ শতাংশ আৰু ২০২০-২১ত ইয়াৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ৩৭.৩ শতাংশ। পৰিয়ালৰ ঋণৰ ক্ষেত্ৰত বেংকৰ লোন, অবেংকিং কোম্পানীৰ পৰা লোৱা ঋণ, ক্ষুদ্ৰ ঋণ, ব্যৱসায়িক ঋণ অন্তৰ্ভুক্ত হৈ আছে। ষ্টেট বেংকে এই কথাও প্ৰকাশ কৰিছে যে ২০২০-২১ত বেংকত জমা কৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে। ইয়াৰ উপৰি এই কথাও প্ৰকাশ পাইছে যে স্বাস্থ্যৰ ওপৰত খৰচ বৃদ্ধি পোৱাৰ ফলত ২০২১-২২ বিত্তীয় বৰ্ষত পৰিয়ালৰ ঋণৰ বোজা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কেইখনমান দেশৰ উদাহৰণ দাঙি ধৰি ষ্টেট বেংকে প্ৰকাশ কৰিছে যে আন দেশৰ তুলনাত ভাৰতৰ পৰিয়ালৰ ঋণৰ বোজা বহু কম। কোৰিয়াৰ ক্ষেত্ৰত ১০৩.৮ শতাংশ, ব্ৰিটেইনত ৯০ শতাংশ, আমেৰিকাত ৭৯.৫ শতাংশ, জাপানত ৬৫.৩ শতাংশ, চীনত ৬১.৭ শতাংশ ঋণৰ বোজা আছে পৰিয়ালৰ। এইক্ষেত্ৰত মেক্সিকোৰ পৰিয়ালৰ সবাতোকৈ কম পৰিমাণৰ ঋণৰ বোজা আছে। মুঠ জিডিপিৰ ১৭.৪ শতাংশহে ঋণৰ বোজা আছে মেক্সিকোৰ পৰিয়ালৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here