Home Main Stories সচিব আতিকা চুলতানা, উপ-সচিব নুৰ হুছেইনৰ বিৰুদ্ধেও কেলেংকাৰীৰ অভিযোগ

সচিব আতিকা চুলতানা, উপ-সচিব নুৰ হুছেইনৰ বিৰুদ্ধেও কেলেংকাৰীৰ অভিযোগ

1855
0

ৰাজ্যৰ সংখ্যালঘু উন্নয়ন বিভাগত দুৰ্নীতিগ্ৰস্ত বিষয়াৰ দপদপনি : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হস্তক্ষেপৰ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ আগষ্ট :  কোটি কোটি টকাৰ সম্পত্তি পাহাৰ গঢ়াৰ আঁৰত আছিল দুখীয়া- নিচলাৰ হাড়ভগা কষ্টৰে আৰ্জিত ধন উদৰস্থ কৰাৰ এক ক’লা অধ্যায়। নিজৰ আয়তকৈ ৯৫ শতাংশ অধিক  সম্পত্তিৰ পাহাৰ গঢ়া ৰাজ্যৰ সংখ্যালঘু উন্নয়ন বিভাগৰ উপ-সচিব চৈবৰ ৰহমান যেতিয়া মানকাচৰৰ অতিৰিক্ত উপায়ুক্ত আছিল, সেই সময়তেই কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল। অভিযোগ অনুসৰি, অতিৰিক্ত উপায়ুক্ত হিচাপে দক্ষিণ শালমাৰাত কৰ্তব্যৰত থকা অৱস্থাত জিলাখনত উপায়ুক্ত হিচাপে দায়িত্ব লৈছিল আটিকা চুলতানাই। লক্ষণীয়ভাৱে চৈবৰ ৰহমানৰ দুৰ্নীতিত হাত উজান দিছিল আটিকা চুলতানে। বিভিন্ন দল- সংগঠনৰ অভিযোগ অনুসৰি উক্ত সময়ত উপায়ুক্ত আটিকা চুলতানা আৰু অতিৰিক্ত উপায়ুক্ত চৈবৰ ৰহমানে দক্ষিণ শালমাৰাৰ বজাৰত থকা মাটিৰ পৰা বছৰ বছৰ ধৰি তাত দোকান দি ব্যৱসায় কৰা লোকসকলক উেচ্ছদ কৰি পুঁজিপতি বণিয়াৰ সৈতে বৃহৎ অংকৰ ধনৰ লেনদেন কৰি ভূমি আবণ্টন কৰিছিল। ৩০-৩৫ বছৰে হাটশিঙিমাৰী বজাৰত ব্যৱসায় কৰা ৯৯জন লোকক উেচ্ছদ কৰি মাটিখিনি অন্য ভূ-মাফিয়া আৰু বণিকক হস্তান্তৰ কৰিছিল বুলি সেই সময়ত অঞ্চলবাসীয়ে ব্যাপক প্ৰতিবাদ কৰাৰ লগতে এই কাৰ্যৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এই অবৈধ উেচ্ছদৰ বিৰুদ্ধে ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি পুনৰ ৯৯জন লোকৰ উেচ্ছদ প্ৰত্যাহাৰ কৰিছিল। উক্ত বজাৰখনৰ ভূমিক লৈ চৈবৰ ৰহমান আৰু আটিকা চুলতানাই কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল বুলি বিভিন্ন দল- সংগঠনে অভিযোগ উত্থাপন কৰিছিল আৰু তদানীন্তন উপায়ুক্ত আটিকা চুলতানা আৰু অতিৰিক্ত উপায়ুক্ত চৈবৰ ৰহমানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সেই সময়ত চিআইডি, দুৰ্নীতি নিবাৰক শাখা, ৰাজ্যপাল, ৰাজহ বিভাগ, নামনি অসমৰ আয়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল। লক্ষণীয় যে হাটশিঙিমাৰী বজাৰত ভূমি কেলেংকাৰী সংঘটিত কৰাৰ পিছত চৈবৰ ৰহমানে তেতিয়াৰ উপায়ুক্ত আটিকা চুলতানাৰ আশীৰ্বাদতেই পুনৰ হাটশিঙিমাৰী সদৰৰ নিচেই কাষত থকা মাতিনৰ চৰ গাঁৱত ভূ- মাফিয়া আৰু দালালৰ সহযোগত আৱাসীসকলক উেচ্ছদৰ ভাবুকি প্ৰদান কৰি চৰকাৰী কাৰ্যালয় স্থাপনৰ নামত বহুতৰ ম্যাদী মাটি ব্যক্তিগত কৰি কোটি কোটি টকা উদৰস্থ কৰাৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য যে সেই সময়ত উপায়ুক্ত হিচাপে কৰ্মৰত আটিকা চুলতানা আৰু অতিৰিক্ত উপায়ু্‌ক্ত চৈবৰ ৰহমানৰ দুৰ্নীতিৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল যদিও কোনো তদন্ত ঘোষণা কৰা হোৱা নাছিল। লক্ষণীয় যে পূৰ্বতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত একেটা সময়তে উপায়ুক্তৰ পদবীত কাৰ্যনিৰ্বাহ কৰা আটিকা চুলতানা আৰু অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা চৈবৰ ৰহমান সম্প্ৰতি সংখ্যালঘু উন্নয়ন বিভাগত ক্ৰমে সচিব আৰু উপ-সচিব হিচাপে কৰ্মৰত। অকল এয়াই নহয়, আন এগৰাকী উপ-সচিব নূৰ হুছেইনৰ বিৰুদ্ধে আছে দুৰ্নীতিৰ অভিযোগ। পূৰ্বতে গোৱালপাৰা গোলাঘাটত অতিৰিক্ত উপায়ুক্ত হিচাপে কাম কৰি বিভিন্ন অনিয়মৰ অভিযোগত নিলম্বিত হ’ব লগা হৈছিল নূৰ হুছেইন। দুৰ্নীতিত  অভিযুক্ত হৈ নিলম্বিত হোৱা বাবেই চাকৰিৰ অন্তিম পৰ্যায়লৈকেও নূৰ হুছেইনে দীৰ্ঘদিন ধৰি পদোন্নতি লাভৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হয়। লক্ষণীয় যে দুৰ্নীতিত অভিযুক্ত হৈ শাস্তি ভোগা নূৰ হুছেইন বৰ্তমান সংখ্যালঘু উন্নয়ন বিভাগৰ উপ-সচিবৰ দায়িত্ব লাভ কৰাৰ লগতে ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত হৈ আছে। দুৰ্নীতিগ্ৰস্ত এইজন বিষয়াই ৱাকফ ব’ৰ্ডত  দায়িত্ব লাভ কৰাৰ পিছত পুনৰ লুণ্ঠনৰাজ চলোৱাৰ ফন্দি ৰচনা কৰা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে মুখ্য কাৰ্যবাহী বিষয়াই ৱাকফ সম্পত্তিসমূহৰ পৰা উচিত ৰাজহ অৰ্জনৰ হকে যিবোৰ নিয়ম নিৰ্ধাৰণ কৰিছিল। সেইসমূহ বন্ধ কৰি ৱাকফ সম্পত্তিত লিছ হল্ডাৰৰ সৈতে গোপন মিতিৰালিৰে তেওঁলোকক লিজত দিয়াৰ বাবে উঠিপৰি লগা বুলি অভিযোগ উত্থাপন হৈছে। ৱাকফ ব’ৰ্ডে পাবলগীয়া ৰাজহৰ বিপৰীতে গোপন অংকৰ খেলিমেলি ব্যক্তিগত মুনাফা লাভৰ বাবে উঠিপৰি লাগিছে নূৰ হুছেইন। ৱাকফ সম্পত্তিৰ পৰা যিবোৰ ৰাজহ ব’ৰ্ডে আদায় কৰে সেই ব্যৱসায়ীসকলৰ সৈতে গোপন মিতিৰালি কৰি নিজৰ মুনাফা লাভৰবাবে অবৈধভাৱে মোটাৱলি নিয়োগ কৰিবলৈ নূৰ হুছেইনে উঠিপৰি লগাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, ৱাকফ ব’ৰ্ডত অবৈধভাৱে নিযুক্তিৰ অভিযোগ উত্থাপন হোৱা ইমদাদ আলী আহমেদৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য সচিব আৰু সংখ্যালঘু বিভাগৰ আয়ুক্ত সচিবে যি তদন্তৰ নিৰ্দেশ দিছিল সেয়া গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে নূৰ হুছেইনৰ বিৰুদ্ধে। লক্ষণীয় যে কিহৰ অংকত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ বাবে নিৰ্ধাৰণ কৰা পদত মেট্ৰিক উত্তীৰ্ণ ইমদাদ আলী আহমেদে অবৈধভাৱে চাকৰি কৰা সম্পৰ্কীয় তদন্ত  নূৰ হুছেইনে গাপ দিবলৈ চেষ্টা কৰিছে এতিয়াও ৰহস্যজনক। লক্ষ্যণীয়ভাৱে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব কোৱা বিজেপি চৰকাৰৰ কাৰ্যকালতেই সংখ্যলঘু উন্নয়ন বিভাগৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ পদত দুৰ্নীতিত অভিযুক্ত বিষয়াই কাৰ্যনিৰ্বাহ কৰি থকাটো আশ্চৰ্যজনক। চৈবৰ ৰহমান গ্ৰেপ্তাৰ হ’ল যদিও আন দুগৰাকী দুৰ্নীতিত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে তদন্ত সম্ভৱ হ’বনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাকী লগাব পাৰিবনে সংখ্যালঘু বিভাগত কৰ্মৰত দুৰ্নীতিত অভিযুক্ত বিষয়াক? সেয়া এক কোটি টকীয়া প্ৰশ্ন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here