গণ বাৰ্তা, পাঠশালা,১১ মাৰ্চ: সততে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি অহা বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উচ্চ প্ৰাবল্যৰ শব্দ তৰঙ্গ আৰু ফটকাৰ উচ্চ হাৰৰ শব্দ আদিয়ে যাতে সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ পঢ়াপাতি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত যোৱা আঠ মাৰ্চৰ পৰা ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছিল৷ জিলাখনৰ বিভিন্ন প্ৰান্তত থকা বিবাহ ভৱনৰ উপৰিও ৰাজহুৱা উৎসৱ পাৰ্বণ আৰু ব্যক্তিগত গৃহৰ সামাজিক অনুস্থান আদিত সন্ধিয়া ছয় বজাৰ পাছত লাউডস্পীকাৰ বজোৱা আৰু নিশা আঠ বজাৰ পাছত ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এই নিৰ্দাশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বিবাহ ভৱনে দুপৰ নিশালৈকে লাউডস্পিকাৰ বজোৱাৰ অভিযোগ আনি একাংশ লোকে সামাজিক মাধ্যমত বিষয়টো সন্দৰ্ভত চৰ্চা আৰম্ভ কৰে৷ বিশেষকৈ পাঠশালাৰ মাজ মজিয়াত থকা এখন হোটেলৰ বিৰুদ্ধে সামাজিক মাধ্যমত হোৱা এই চৰ্চা বজালী জিলা উপায়ুক্তৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে তেওঁ আজি তাৎক্ষণিকভাৱে বজালী জিলা আৰক্ষী অধীক্ষকক ১৪৪ ধাৰা ভংগকাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া বজালী আৰক্ষীৰ এটি দল হোটেলখনত উপস্থিত হৈ হোটেল কৰ্তৃপক্ষক ককৰ্থনা কৰাৰ লগতে যদিহে দ্বিতীয়বাৰৰ বাৰে তেওঁকে এই নিষেধাজ্ঞা উলঙ্ঘন কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব বুলি সকিয়নি দিয়ে৷