Home অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত ফাদিল জালিয়াতি , ভুৱা প্ৰমাণপত্ৰ দাখিল, ২১ প্ৰাৰ্থীক গ্ৰেপ্তাৰৰ...

আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত ফাদিল জালিয়াতি , ভুৱা প্ৰমাণপত্ৰ দাখিল, ২১ প্ৰাৰ্থীক গ্ৰেপ্তাৰৰ সম্ভাৱনা কম্পিউটাৰ নথি জালিয়াতি, ১০০ প্ৰাৰ্থীক তলব

187
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছে ভয়াৱহ জালিয়াতি-কাণ্ড৷ কম্পিউটাৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈয়ে ভুৱা কম্পিউটাৰৰ প্ৰমাণ-পত্ৰ দাখিলেৰে লাভ কৰিছে আৰক্ষীৰ চাকৰি৷ জালিয়াতিৰে ভুৱা নথি-পত্ৰ জমা দিয়া প্ৰাৰ্থীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে তদন্তকাৰী দল চি আই ডি৷ আজি ১০০গৰাকী প্ৰাৰ্থীক ভুৱা কম্পিউটাৰৰ নথি জমা দিয়াৰ অভিযোগত চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰে৷ আজি দিনৰ ভাগত ২১গৰাকী প্ৰাৰ্থীক চি আই ডিয়ে মাৰাথন জেৰা চলায়৷ জেৰাৰ অন্তত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কম্পিউটাৰৰ ভুৱা প্ৰমাণ-পত্ৰ জমা দিয়াৰ অভিযোগত ২১জনকৈ প্ৰাৰ্থীক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ এ বি আৰু ইউ বিৰ পৰীক্ষা৷ উক্ত নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপন হয়৷ কম্পিউটাৰৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈয়ে ভুৱা কম্পিউটাৰৰ প্ৰমাণ-পত্ৰ জমা দিয়াৰ অভিযোগ উত্থাপন হয়৷ ইতিমধ্যে বহু প্ৰাৰ্থীয়ে উক্ত ভুৱা প্ৰমাণ -পত্ৰৰ জৰিয়তে নিযুক্তি লাভ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ বিগত সময়ত সৰ্বমুঠ ৪১৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন হয়৷ উক্ত অভিযোগৰ ভিত্তিতেই চি আই ডিয়ে আজি এশগৰাকী প্ৰাৰ্থীক চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰে৷ সকলো ধৰণৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰাৰ লগতে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ গৰাকীকো জেৰা চলায় চি আই ডিৰ দলটোৱে৷ ইপিনে, সমান্তৰালভাৱে চি আই ডিয়ে বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰতো চি আই ডিয়ে অভিযান চলায়৷ মূলতঃ কিছুদিন পূৰ্বে নিযুক্তি-পত্ৰ বিতৰণ কৰা অসম আৰক্ষীৰ সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক কেলেংকাৰী আৰু জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে৷ কম্পিউটাৰ শিক্ষা গ্ৰহণ নকৰাকৈয়ে ভুৱা নথি দাখিল কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷ ভুৱা নথিৰে লাভ কৰিছিল একাংশই অসম আৰক্ষীৰ চাকৰি৷ ভুৱা নথিৰ আশ্ৰয় লোৱা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চি আই ডি৷ যাৰ পৰিপ্ৰেক্ষিতত আজি এশগৰাকী প্ৰাৰ্থীক তলব কৰে৷ তলব কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বহুকেইজন নিযুক্তি লাভ কৰা প্ৰাৰ্থীও আছে৷ আজি পুৱাৰ পৰাই চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ প্ৰাৰ্থীসকল মাৰাথন জেৰাৰ সন্মুখীন হয়৷ আজি নিশাৰ ভাগলৈকে চি আই ডিয়ে প্ৰাৰ্থীসকলক জেৰা কৰা বুলি জানিব পৰা গৈছে৷ ভুৱা নথি দাখিল কৰা আৰু কেইবাজনো প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here