Home অসম গুৱাহাটীৰ ‘ৰিহেবিলিটেশ্যন’ কেন্দ্ৰৰ দুৰৱস্থা দেখি অগ্নিশৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা : কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ...

গুৱাহাটীৰ ‘ৰিহেবিলিটেশ্যন’ কেন্দ্ৰৰ দুৰৱস্থা দেখি অগ্নিশৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা : কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে সোনকালেই নীতি প্ৰস্তুত কৰাৰ হুংকাৰ

515
0


বিশেষ প্ৰতিনিধি, ১ ছেপ্টেম্বৰ ঃ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি গুৱাহাটীস্থিত এটা ব্যক্তিগত ৰিহেবিলিটেচন কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰটোত থকা সুবিধাসমূহৰ বুজ লয়৷ পৰিদৰ্শন কালত কেন্দ্ৰটোত আৱাসীসকলৰ বাবে সামান্যতম সুবিধাও নথকাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকী আচৰিত হৈ পৰে আৰু কেন্দ্ৰটোৰ তত্ত্বাৱধানত থকা ব্যক্তিসকলক এই বিষয়ে ব্যৱস্থা ল’বলৈ কঠোৰ সকীয়নি প্ৰদান কৰে৷ আনহাতে কেন্দ্ৰটোত স্বাস্থ্যসেৱাৰ কোনো সুবিধা নথকাত মন্ত্ৰীগৰাকীয়ে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক কেন্দ্ৰটোত শীঘ্ৰে আৱাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে৷ ৰিহেবিলিটেচন কেন্দ্ৰত একাংশই সন্দেহজনকভাৱে ড্ৰাগ্‌ছৰ বেহা চলাই থকা বুলি অভিযোগ উত্থাপিত হোৱাত মন্ত্ৰী হাজৰিকাই স্থানীয় আৰক্ষীক অনাগত তিনি দিন ধৰি এই কেন্দ্ৰ কঠোৰভাৱে নিৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে৷ পাছত মন্ত্ৰী হাজৰিকাক দিছপুৰৰ নিজা কাৰ্যালয়ত সাংবাদিকে আজিৰ আকস্মিক পৰিদৰ্শনৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে এনেদৰে ভয়াৱহভাৱে এটা সৰু কোঠাতে ইমানবোৰ মানুহক অস্বাস্থ্যসন্মত পৰিৱেশত ৰাখিলে ড্ৰাগ্‌ছ আসক্তসকলৰ শাৰীৰিক অৱস্থা বেছিহে বেয়া হ’ব৷ অতি সোনকালেই চৰকাৰে ৰিহেবিলিটেচন কেন্দ্ৰসমূহ চলোৱাৰ বাবে নীতি প্ৰস্তুত কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে কেৱল বাণিজ্যিক উদ্দেশ্যৰে এই কেন্দ্ৰসমূহ চলি থাকিবলৈ দিয়া নহ’ব৷ আনহাতে প্ৰাথমিক পদক্ষেপ হিচাপে অহা শনিবাৰে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত মন্ত্ৰী হাজৰিকাই গুৱাহাটীস্থিত সকলো ৰিহেবিলিটেচন কেন্দ্ৰৰ কতৃৰ্পক্ষৰ সৈতে আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰে৷ অসমত ৰিহেবিলিটেচন কেন্দ্ৰ চলোৱাৰ নামত কোনেও যাতে লুণ্ঠন চলাব নোৱাৰে আৰু আমাৰ ড্ৰাগ্‌ছ আসক্তিৰ পৰা ওলাই আহিব বিচৰা যুৱচামক যাতে আৰু সমস্যাত পেলাব নোৱাৰে তাৰ বাবে শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here