Home অসম বোকাখাতত বলেৰ’সহ ২৭টাকৈ গৰু জব্দ

বোকাখাতত বলেৰ’সহ ২৭টাকৈ গৰু জব্দ

341
0

গণ বাৰ্তা বিশেষ, বোকাখাত, ১৮ জুন ঃ এফালে প্ৰলয়ংকৰী বানৰ তাণ্ডৱ আৰু আনফালে অবৈধ গৰু সৰবৰাহকাৰীৰ দপ্‌দপনি। অবৈধ গৰু সৰবৰাকাৰীৰ বিৰুদ্ধে বোকাখাত আৰক্ষীৰ পুনৰ সফলতা। যোৱা ১১ জুনৰ নিশা ১১টাকৈ গৰু বোকাখাত আৰক্ষীয়ে অভিযান চলাই এখন বলেৰ’ পিকআপসহ জব্দ কৰাৰ পাছত এটা সপ্তাহৰ ভিতৰতে পুনৰ এক তিনিখন বলেৰ’ পিকআপৰ পৰা ২৭টাকৈ অবৈধ গৰু জব্দ কৰে বোকাখাত আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ পম খেদি আজি পুৱাৰ ভাগত অবৈধ গৰু কঢ়িয়াই অনা তিনিখন বলেৰ’ পিকআপ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় বোকাখাত আৰক্ষী। তিনিখন বলেৰ’ পিকআপৰ পৰা লগতে ২৭টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় বোকাখাত আৰক্ষী।

লগতে তিনিওখন বলেৰ’ পিকাআপৰ পৰা ৭জন লোকক আটক কৰিবলৈ সক্ষম হয়। তিনিখন বলেৰ’ পিকআপত বোকাখাতৰ বিহৰাৰ সমীপৰ পৰা ৭টা গৰু, দেৰগাঁৱৰ পৰা ১২টা আৰু যোৰহাটৰ পৰা ৮টাসহ মুঠ ২৭টা গৰু নগাঁৱলৈ বুলি আনি থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে নাকা চেকিং বহুৱাই তিনিখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা বলেৰ’ তিনিখনৰ নম্বৰ এএছ ০২ চিচি ৭৩১৭, এএছ ০২ চিচি ৭২৩৪ আৰু এএছ ০২ চিচি ১১৬৫। গৰু কঢ়িয়াই অনা তিনিওখন গাড়ীতে নাছিল গৰু সৰবৰাহৰ কোনো সঠিক নথি-পত্ৰ আৰু গৰু ক্ৰয় কৰাৰ ৰচিদ। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটক কৰা আলিবুৰ ইছলাম, আজমল খান, আমাৰদুল ইছলাম, ফৰিদুল ইছলাম, আজিবুৰ ৰহমান, মোবাৰক আলী, আনোৱাৰ নামৰ ৭ লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি সোধা-পোছা অব্যাহত ৰাখিছে । আনহাতে, জব্দ কৰা ২৭টা গৰু বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত যোৰহাটৰ গো-শালালৈ প্ৰেৰণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here