Home অসম ধুবুৰীত কম্পিউটাৰসহ বস্তাই বস্তাই ভুৱা নথি-পত্ৰ জব্দ

ধুবুৰীত কম্পিউটাৰসহ বস্তাই বস্তাই ভুৱা নথি-পত্ৰ জব্দ

106
0

গণ বাৰ্তা বিশেষ, ধুবুৰী, ১২ অক্টোবৰ ঃ ধুবুৰী জিলা ভুৱা নথি-পত্ৰ বনোৱাৰ কাৰখানা ৰূপে পৰিণত হৈছে। এদিন-দুদিনৰ পিছে পিছে  নথি-পত্ৰ বনোৱা কাৰখানা উদ্ধাৰ হৈছে ধুবুৰীত।  দুদিনমান আগতে অৰ্থাৎ যোৱা  ৮ অক্টোবৰ, শুক্ৰবাৰৰ  নিশা ১১ বজাৰ পৰা শনিবাৰে পুৱা ৪ বজালৈকে ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজীৰাণী শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ অভিযানত  ধুুবুৰী চহৰৰ ১৫নং ৱাৰ্ড কলেজ নগৰ নাথপাৰাৰ বাসিন্দা তথা ধুবুৰীৰ ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোলাম শ্বাহ জামানৰ ঘৰত  দীৰ্ঘদিন ধৰি ভুৱা নথি-পত্ৰ বনাই মোটা অংকৰ ধনৰ বিনিময়ত বিভিন্নজনক বিভিন্ন ধৰণৰ চাকৰিৰ বাবে ভুৱা নথি-পত্ৰ আদি যোগান ধৰা দুজন ব্যক্তি ক্ৰমে গোলাম শ্বাহ জামান আৰু ধুবুৰীৰ এ এম কো ৰোডৰ বিদ্যাপাৰা ভাটিগাঁৱৰ দ্বিতীয় খণ্ডৰ হাবিবৰ ৰহমানৰ পুত্ৰ তথা ধুবুৰীৰ  ডাক বিভাগৰ কৰ্মচাৰী সোহেলুৰ ৰহমানক ধুবুৰীৰ আৰক্ষীয়ে আটক কৰাৰ পিছত ধুবুৰী আৰক্ষীৰ জেৰাত স্বীকাৰোক্তিৰ ভিক্তিত  কালি গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ সহযোগত আৰু ধুবুৰী আৰক্ষীৰ নেতৃত্বত বস্তাই বস্তাই ভুৱা নথি-পত্ৰ, কিছু আপত্তিজনক নথি-পত্ৰ আদি জব্দ কৰাৰ লগতে কেইবাটাও কম্পিউটাৰসহ এজন যুৱকক আটক কৰি আজি ধুবুৰীৰ সদৰ থানালৈ আনে। অৱশ্যে, ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে এই প্ৰসঙ্গত তদন্তৰ স্বাৰ্থত মুখ খোলা নাই। এতিয়া কথা হৈছে, কাৰ নেতৃত্বত আৰু কিহৰ স্বাৰ্থত,  ধুবুৰীৰ ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোলাম শ্বাহ জামানে নিজৰ ঘৰত দীৰ্ঘদিন ধৰি ভুৱা নথি-পত্ৰ বনাই  ধুবুৰীত চলাই আছে অবৈধ কাৰখানা। আৰক্ষীয়ে অধিক তদন্ত কৰিলে হয়তো এই বৃহৎ চক্ৰটোৰ লগত জড়িত থকা ব্যক্তিৰ নাম ওলাব পাৰে।  লগতে, আৰু বহুতো ৰৌ-বৌৰালিৰ নাম তদন্তৰ অন্তত নিশ্চয় ওলাই পৰিব বুলি সচেতন মহলে ক’ব খোজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here