Home স্থানীয় নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা লোহিত এক্সপ্ৰেছৰ ডবাৰ পৰা সুৰা জব্দ

নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা লোহিত এক্সপ্ৰেছৰ ডবাৰ পৰা সুৰা জব্দ

46
0

বঙাইগাঁও , ২০ ছেপ্টেম্বৰঃ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত আজি বিয়লিৰ ভাগ গুৱাহাটী – জম্মু অভিমুখী নামনিমুৱা লোহিত এক্সপ্ৰেছত ৰে’লৱে সুৰক্ষা বাহিনীয়ে তালাচী অভিযান চলাই অবৈধ সুৰা জব্দ কৰে ৷ জানিব পৰা মতে নিউ বঙাইগাঁও জংচনৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গোপন সূত্ৰৰ পমখেদি নামনিমুৱা ০৫৬৫১ নং লোহিত এক্সপ্ৰেছ ৰে’লখন আহি জংচনত ৰখোৱাৰ পিছতে ৰে’লখনৰ ডবাত চলোৱা তালাচীৰ সময়ত ডবা এটাৰ চিটিৰ তলত এখন গৰাকীবিহীন বেগ উদ্ধাৰ কৰে ৷ পিছত বেগখন খুলি চোৱাত বেগৰ ভিতৰত সুৰাৰ বটল প্ৰত্যক্ষ কৰে আৰু জব্দ কৰে ৷ বেগখনত মুঠ ৫৫ বটল সুৰা আছিল ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here