Home ক্ৰীড়া এবছৰৰ পিছত টেনিছ ক’ৰ্টত জয়ৰে উভতনি যাত্ৰা ছেৰেনা উইলিয়ামছৰ

এবছৰৰ পিছত টেনিছ ক’ৰ্টত জয়ৰে উভতনি যাত্ৰা ছেৰেনা উইলিয়ামছৰ

70
0

লণ্ডন, ২৩ জুন: ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম একক বিজয়ী অভিজ্ঞ টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছে উইম্বলডনৰ অনুশীলন টুৰ্ণামেণ্ট ইষ্টবোৰ্ণত মহিলাৰ দ্বৈত খেলত জয়ী হোৱাৰ পিছত এবছৰৰ পিছত টেনিছ ক’ৰ্টত জয়ৰে উভতি আহে। যেতিয়া ছেৰেনাই ক’র্টত ভৰি দিছিল, দৰ্শকসকলে থিয় হৈ তেওঁক সম্ভাষণ জনাইছিল। ডেৰ ঘণ্টাৰ পিছত দৰ্শকে তেওঁৰ বিজয় উদযাপন কৰিলে। মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত প্ৰথম ছেটত পৰাস্ত হৈ ছেৰেনাই তেওঁৰ টিউনিছিয়াৰ সহযোগী অন্স জাবিউৰৰ সৈতে প্ৰত্যাৱৰ্তন কৰে আৰু স্পেইনৰ চাৰা চৰিবছ টৰ্মো আৰু চেক গণৰাজ্যৰ মেৰী বুজকোভাক ২-৬, ৬-৩, ১৩-১১ ব্যৱধানত পৰাস্ত কৰে। উইম্বলডনত ৱাইল্ড কাৰ্ড প্ৰৱেশ কৰা ৪০ বছৰীয়া ছেৰেনাই জয়ৰ সৈতে কমেও এখন প্ৰতিযোগিতামূলক মেচ খেলিব পাৰিব। উইম্বলডন সোমবাৰে (২৭ জুন) আৰম্ভ হ’ব। চেৰেনাই যোৱা বছৰ শেষবাৰৰ বাবে এই গ্ৰাছ ক’ৰ্ট টুৰ্ণামেণ্টত খেলিছিল। বিশ্বৰ প্ৰাক্তন এক নম্বৰ চেৰেনাৰ বৰ্তমানৰ একক স্থানত ১২০৪।

LEAVE A REPLY

Please enter your comment!
Please enter your name here