Home অসম চাৰিদুৱাৰত এনকাউণ্টাৰ: ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত ড্ৰাগ্‌ছ সৰবৰাহকাৰী

চাৰিদুৱাৰত এনকাউণ্টাৰ: ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত ড্ৰাগ্‌ছ সৰবৰাহকাৰী

110
0


গণ বাৰ্তা, ৰঙাপৰা, ২০ ছেপ্টেম্বৰ: ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ড্ৰাগ্‌ছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে৷ ইয়াৰ লগতে ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কে’বাটাও এনকাউণ্টাৰৰ ঘটনাও সংঘটিত হৈছে৷ শোণিতপুৰ জিলাৰ খনামুখৰ গুদামঘাটত পুনৰ ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰে এনকাউণ্টাৰৰ এক ঘটনা সংঘটিত হয়৷ নিশাৰ ভাগত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই এজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গুলীয়াই আহত কৰে চাৰিদুৱাৰ আৰক্ষীয়ে৷ এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ পাছতে খনামুখৰ গুদামঘাটত চাঞ্চল্যৰ সৃষ্টি হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি নিশাৰ ভাগত এক গোপন তথ্যৰ পম খেদি চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ড্ৰাগ্‌ছ আৰু ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল৷ তিনি সৰবৰাহকাৰীৰ নাম ক্ৰমে গুদামঘাটৰ অকাবস্তি নিৱাসী ৰাহুল আমিন, ৰাজিবুৰ আৰু নুৰজামাল হক৷ আটকাধীন ড্ৰাগ্‌ছ সৰবৰাহকাৰীকেইজনৰ পৰা আৰক্ষীয়ে প্ৰায় তিনি লাখ টকাৰ মূল্যৰ ১৩৬টা ব্ৰাউন ছুগাৰৰ কেKI×ইনাৰ জব্দ কৰে৷ ইফালে ড্ৰাগ্‌ছ মাফিয়া ৰাহুল আমিনৰ ওচৰত মাৰণাস্ত্ৰ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ ইয়াৰ পাছতে মাৰণাস্ত্ৰ বিচাৰি গুদামঘাটৰ অকাবস্তিলৈ তিনি সৰবৰাহকাৰীক লৈ যোৱা সময়তে অন্ধকাৰৰ সুযোগ লৈ ৰাহুল আমিনে পলাবলৈ চেষ্টা কৰে বুলি সদৰী কৰিছে আৰক্ষী সূত্ৰই৷ এনে পৰিপ্ৰেক্ষিতত ৰাহুল আমিনক ভৰিত গুলীয়াই আহত কৰিবলৈ বাধ্য হয় আৰক্ষী৷ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা ৰাহুল আমিন বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে ৰাহুল আমিনে ড্ৰাগ্‌ছৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ উপৰিও তেল টেংকাৰ হাইজেক কৰি দুবাৰকৈ কাৰাৰুদ্ধ হ’বলগীয়া হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here