Home Main Stories বঙাইগাঁৱৰ আই নৈৰ দলঙত পথ দুৰ্ঘটনা; গুৰুতৰভাবে আহত সাতজন

বঙাইগাঁৱৰ আই নৈৰ দলঙত পথ দুৰ্ঘটনা; গুৰুতৰভাবে আহত সাতজন

128
0

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ, ২০ জুনঃ বঙাইগাঁও জিলাৰ ডাউকীঝাৰৰ আই নৈৰ দলঙত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এখন টাটা এচি বাহনৰ চালকসহ সাতজন শ্ৰমিক গুৰুতৰভাবে আহত হয় ৷ বঙাইগাঁও যান বাহন শাখাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকীঝাৰৰ আই নৈৰ দলঙত পুৱা প্ৰায় ১১ঃ ৫০ বজাত বঙাইগাঁৱৰ দিশৰ পৰা বিজনী অভিমুখে শ্ৰমিকক কঢ়িয়াই লৈ গৈ থকা এ এচ ২৫ চি চি ৮০১২ নম্বৰৰ টাটা এ চি বাহনখনক একে দিশে গৈ থকা এইচ আৰ ৪৬ ই ১১৪৭ নম্বৰৰ কণ্টেনাৰ এখনে পাছফালৰ পৰা তীব্ৰ বেগত খুন্দা মাৰে ৷ ফলত টাটা এ চি বাহনখন দলঙৰ ওপৰত বাগৰি পৰে আৰু বাহনখনৰ চালকজনৰ লগতে আন ছয়জন শ্ৰমিক গুৰুতৰভাবে আহত হয় ৷ পিছত দুৰ্ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত বঙাইগাঁও যান বাহন আৰক্ষী উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স আদিৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাটোত বঙাইগাঁও জিলাৰ অভয়াপুৰী লেংটিচিঙাৰ চানিদুল হক ( ২৩) ,জহিৰুল ইছলাম (২৪) ৰ লগতে নসত্ৰৰ হবিবুল হক( ২৭), ইছমাইল হুছেইন ( ২১) আৰু মফিদুল আলী(২১) , বেহুলাপাৰাৰ মফিজুৰ ৰহমান( ২৫) আৰু টাপাট্টাৰীৰ ৰেজাউল হক (২৩) গুৰুতৰভাবে আহত হয় ৷ আহতসকলক বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত ভৰ্তি কৰা হয় ৷ ইপিনে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে কণ্টেনাৰখনৰ চালক আৰু হেণ্ডিমেনে গাড়ী এৰি পলায়ণ কৰে ৷ পিছত আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা কণ্টেনাৰখনৰ লগতে টাটা এচি বাহনখন উদ্ধাৰ কৰি বঙাইগাঁও থানালৈ আনে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here