Home Uncategorized দেশবাসীৰ নামত প্ৰধানমন্ত্ৰীয়ে উছৰ্গা কৰিলে কাশী ক’ৰিডৰ; বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকী মুখ্যমন্ত্ৰী...

দেশবাসীৰ নামত প্ৰধানমন্ত্ৰীয়ে উছৰ্গা কৰিলে কাশী ক’ৰিডৰ; বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকী মুখ্যমন্ত্ৰী উপস্থিত

395
0

কাশী, ১৩ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ শ্ৰীকাশী বিশ্বনাথ ধামৰ ক’ৰিডৰ দেশবাসীৰ নামত উছৰ্গা কৰিলে। এই ক’ৰিডৰ মুকলি অনুষ্ঠানত তিনিহাজাৰতকৈ অধিক ধৰ্মীয়, আধ্যাত্মিক গুৰু, দক্ষিণৰ শৈৱ সম্প্ৰদায়ৰ পূজাৰী, মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে কাশী বিশ্বনাথ ধামৰ ক’ৰিডৰ মুকলি কৰি কয় যে কাশী বিশ্বনাথৰ কমপ্লেক্স আমাৰ সংস্কৃতি, পৰম্পৰা আৰু প্ৰগতিৰ প্ৰতিফলন। যেতিয়া ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে, তেতিয়া তেওঁলোকে ভক্তিৰ উপৰি লগত লৈ আহে বিভিন্ন সংস্কৃতি। ইয়াৰ উপৰি তেওঁ কয়- এই স্থানক লৈ আমি গৌৰৱান্বিত। বিশ্বনাথ ধামৰ আজিও মহত্ব স্পষ্টভাৱে প্ৰতিফলিত হৈ আহিছে। ইয়াৰ দাঁতিকাষৰীয়া প্ৰাচীন মন্দিৰসমূহ পুনৰ নিৰ্মাণ কৰি তোলা হৈছে। তেওঁ কাশী বিশ্বনাথ ক’ৰিডৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ সহযোগ প্ৰদান কৰা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আহাৰো গ্ৰহণ কৰে। লগতে তেওঁ শ্ৰমিকসকলৰ ওপৰত পুষ্পবৃষ্টি কৰে আৰু তেওঁলোকৰ সৈতে ফটোও উঠে। তেওঁ কয় – ‘কাশীত সত্যৰ সংস্কৃতি বৰ্তি আছে। আজি সমগ্ৰ বিশ্ব কাশীৰ সৈতে জড়িত হৈ পৰিছে। কিছু লোকে বাৰাণসীক সন্দেহৰ চকুৰে চায়। কিছুৱে বাৰাণসীক বদনাম কৰাৰ চক্ৰান্ত ৰচে।’ তেওঁ কয়- কাশীত কেৱল এখনেই চৰকাৰ আছে, সেইখন হৈছে বাবাৰ চৰকাৰ। কাশীত মহাদেৱৰ ইচ্ছা অবিহনে কোনো কাম সম্ভৱপৰ হৈ নুঠে। কাশীত মহাদেৱৰ ইচ্ছা অবিহনে গছৰ পাতো নলৰে। বাবাৰ সৈতে যদি কিছুলোকৰ সহযোগিতা আছে তেন্তে সেইসকল হৈছে কাশীবাসী। কাশীবাসীৰ হৃদয়ত ভগৱানে বাস কৰে। কাশী ক’ৰিডৰ মুকলি কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গংগাত পূজা-অৰ্চনা কৰে আৰু গংগাৰ পৱিত্ৰ জলত  স্নান কৰে। ইয়াৰ পিছত তেওঁ ভৈৰৱ মন্দিৰত পূজা-অৰ্চনা কৰে। উল্লেখ্য যে কাশীৰ এলেকা তিনিহাজাৰ বৰ্গফুটৰ পৰা পাঁচ লাখ বৰ্গফুট কৰা হৈছে। লগতে কাশীৰ দাঁতিকাষৰীয়া চল্লিশটা পুৰণি মন্দিৰ পুনৰ নতুন ৰূপত সজাই তোলা হৈছে। লগতে ভক্তৰ সুবিধাৰ্থে ২৩টা নতুন ভৱন নিৰ্মাণ কৰা হৈছে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here