Home Main Stories সৎ-আদৰ্শৱান ব্যক্তি ছফিকুল হুছেইন চৌধুৰীক হেৰুৱাই মৰ্মাহত : হাইদৰ হুছেইন

সৎ-আদৰ্শৱান ব্যক্তি ছফিকুল হুছেইন চৌধুৰীক হেৰুৱাই মৰ্মাহত : হাইদৰ হুছেইন

26
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ : এগৰাকী সৎ-আদৰ্শৱান ব্যক্তি ছফিকুল হুছেইন চৌধুৰীক হেৰুৱাই মৰ্মাহত হৈছো। এই বুলি মন্তব্য প্ৰকাশ কৰিছে বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইনে। তেওঁ কয় যে এইগৰাকী ব্যক্তিক যৌৱন কালতে মাছখোৱাত প্ৰথম সাক্ষাৎ লাভ কৰিছিলো। তাৰ পিছৰে পৰাই তেওঁৰ সৈতে মোৰ ঘনিষ্ঠতা বৃদ্ধি পায়। উল্লেখ্য যে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা অসম চৰকাৰৰ কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত ছফিকুল হুছেইন চৌধুৰীয়ে কালি সন্ধিয়া ৬.৩০ বজাত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আঁকোৱালি লয়। এইগৰাকী ব্যক্তিৰ মৃত্যুত বহু দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে হাইদৰ হুছেইনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি আৰু কয় যে মই জীৱনত লগ পোৱা সৎ আৰু স্বচ্ছ ভাবমূৰ্তিৰ আদৰ্শৱান বিষয়া এজনক হেৰুৱাই বেদনা অনুভৱ কৰিছো। তেখেত এগৰাকী নিষ্ঠাৱান বিষয়া আছিল। সেইগৰাকী বিষয়াই সকলোকে শোকৰ সাগৰত বুৰাই কালি শেষ নিশ্বাস ত্যাগ কৰে। হাইদৰ হুছেইনে আৰু কয় যে ছফিকুল হুছেইন চৌধুৰী আমাৰ যৌৱনকালত লগ পোৱা নিষ্ঠাৱান-আদৰ্শৱান সৎ দক্ষ বিষয়াসকলৰ ভিতৰত আছিল এজন। যি বৰ্ণাঢ্য ব্যক্তিত্বৰ অধিকাৰী আছিল। আদৰ্শ ব্যক্তি হিচাপে তেওঁক বিবেচনা কৰো। মাছখোৱাত তেখেতৰ ভাতৃ তথা মীন বিভাগৰ শীৰ্ষ বিষয়া ছুলেমান চৌধুৰীৰ সৈতে ভাড়াঘৰত থাকোতে আমি সঘনাই তেওঁক লগ পাইছিলো। এইসূত্ৰে ছফিকুলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছিল। ছফিকুল শীৰ্ষ পৰ্যায়লৈ আৰোহণ কৰাৰ সময়ত কিছু পৰিমাণে সম্পৰ্ক বিচ্ছিন্ন হৈছিল যদিও ছুলেমান চৌধুৰীৰ সৈতে সম্পৰ্ক বৰ্তি আছিল। তেওঁ যোৰহাটৰ এক স¥ভ্ৰান্ত পৰিয়ালৰ সদস্য আছিল। উচ্চ শিক্ষিত আৰু উজ্জ্বল ভাবমূৰ্তিৰ ব্যক্তিৰে ঘেৰি থকা এটা ঐতিহাসিক পৰিয়ালৰ সদস্য আছিল ছফিকুল হুছেইন চৌধুৰী। এটা সময়ত সততা আৰু নিষ্ঠাৰে জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here