Home ক্ৰীড়া টি-২০ বিশ্বকাপত ভাৰতৰে পাকিস্তানৰ বৃহৎ জয়ত মূল নায়কৰূপে পৰিগণিত শ্বাহিন শ্বাহ আফ্ৰিদী

টি-২০ বিশ্বকাপত ভাৰতৰে পাকিস্তানৰ বৃহৎ জয়ত মূল নায়কৰূপে পৰিগণিত শ্বাহিন শ্বাহ আফ্ৰিদী

85
0

ডুবাই, ২৫ অক্টোবৰ: পাকিস্তানে টি-২০ বিশ্বকাপত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ পাকে তেওঁলোকৰ প্ৰথম ছুপাৰ-১২ মেচত টীম ইণ্ডিয়াক ১০ উইকেটত পৰাস্ত কৰে৷টি-২০ত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ পৰাজয়৷ ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১৫১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ পাকিস্তানে ১৭.প্ত অভাৰত কোনো উইকেট অবিহনে লক্ষ্য প্ৰাপ্ত কৰিছিল৷ প্ৰতিযোগিতাখনৰ [টি-২০ বিশ্বকাপ] প্ৰতিটো দলৰ প্ত-প্ত খন লীগ মেচ খেলিব লাগিব৷ বিশ্বকাপৰ ইতিহাসত পাকিস্তানে প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল৷ বেগী বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদীয়ে মেচখনত তিনিটা উইকেট দখল কৰে আৰু মেন অব দ্য মেচ লাভ কৰে৷ ইয়াৰ পূৰ্বেও, এজন পাকিস্তানী খেলুৱৈয়ে বিশ্বকাপত পৰাজিত হোৱাৰ পিছতো মেচখনৰ মেন অব দ্য মেচ লাভ কৰিছিল৷ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত ১৩ খন খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ তালিকা- শচীন তেণ্ডুলকাৰঃ বিশ্বকাপত টীম ইণ্ডিয়াৰ প্ৰথম সংঘৰ্ষ আছিল ১৯৯২ চনত৷ ভাৰতে ছিডনীত তেওঁলোকৰ প্ৰথম ইনিংছত জ্জ উইকেটত ২১৬ ৰান কৰিছিল৷ শচীন তেণ্ডুলকাৰে অপৰাজিত ৫৪ ৰান কৰিছিল৷ ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তান ১৭৩ ৰানত আউট হৈছিল৷ শচীনেও ১০ অভাৰত ৩৭ ৰানত এটা উইকেট লৈছিল৷নৱজ্যোত সিং সিদ্ধুঃ ১৯৯৬ চনত বেংগালুৰুত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াই জ্জ্ব উইকেটত ২৮৭ ৰান সংগ্ৰহ কৰিছিল৷ নৱজ্যোত সিং সিদ্ধুৱে সৰ্বাধিক ৯৩ ৰান সংগ্ৰহ কৰিছিল৷ পাকিস্তানে জ্ঝ উইকেটত ২৪৮ ৰান কৰিছিল৷ভেঙ্কটেশ প্ৰসাদঃ ১৯৯৯ চনত মানচেষ্টাৰত খেলা এদিনীয়া বিশ্বকাপৰ খেলখনত টীম ইণ্ডিয়াই ৬ উইকেটত ২২৭ ৰান কৰিছিল৷ পাকিস্তান ১৮০ ৰানত আউট হৈছিল৷ বেগী বলাৰ ভেঙ্কটেশ প্ৰসাদে ২৭ ৰানত প্ত টা উইকেট দখল কৰিছিল৷শচীন তেণ্ডুলকাৰঃ ২০০৩ চনত মানচেষ্টাৰত অনুষ্ঠিত খেলখনত পাকিস্তানে তেওঁলোকৰ প্ৰথম ইনিংছত জ্জ উইকেটত ২৭৩ ৰান কৰিছিল৷ ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই ৪৫.চ্ছ্ৰ অভাৰত চ্ছ্ৰ উইকেটত লক্ষ্য অৰ্জন কৰিছিল৷ শচীন তেণ্ডুলকাৰে ৯৮ ৰান সংগ্ৰহ কৰিছিল৷শচীন তেণ্ডুলকাৰঃ ২০১১ চনত মোহালিত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াই জ্ঝ উইকেটত ২৬০ ৰান সংগ্ৰহ কৰিছিল৷ শচীনে ৮৫ ৰান সংগ্ৰহ কৰিছিল৷ পাকিস্তান ২৩১ ৰানত অল আউট হৈছিল৷ বিৰাট কোহলীঃ ২০১৫ চনত এডিলেডত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত জ্জ উইকেটত ৩০০ ৰান কৰিছিল৷ বিৰাট কোহলীয়ে ১০৭ ৰান কৰিছিল৷ পাকিস্তান ২২৪ ৰানত অল আউট হৈছিল৷ৰোহিত শৰ্মাঃ ২০১৯ চনত মানচেষ্টাৰত খেলা খেলখনত ভাৰতে তেওঁলোকৰ প্ৰথম ইনিংছত প্ত উইকেটত ৩৩৫ ৰান কৰিছিল৷ ৰোহিত শৰ্মাই ১৪০ ৰানৰ এটা ডাঙৰ ইনিংছ খেলিছিল৷ পাকিস্তান ২১২ ৰানত অলআউট হৈছিল৷ মহম্মদ আচিফঃ ২০০৭ চনৰ টি-২০ বিশ্ব লীগৰ খেলখনত টীম ইণ্ডিয়াই পাকিস্তানক পৰাস্ত কৰিছিল৷ টীম ইণ্ডিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত জ্ঝ উইকেটত ১৪১ ৰান কৰিছিল৷ ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে জ্জ উইকেটত ১৪১ ৰান সংগ্ৰহ কৰে৷ খেলখন টাই হোৱাৰ পিছত এটা বল আউটৰ দ্বাৰা ফলাফলটো নিৰ্ণয় কৰা হৈছিল৷ বেগী বলাৰ মহম্মদ আচিফে ১৮ ৰানত চ্ছ্ৰ উইকেট লৈছিল৷ ইৰফান পাঠানঃ বাওঁহাতৰ বেগী বলাৰ ইৰফান পাঠানে ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ১৬ ৰানত তিনিটা উইকেট দখল কৰে আৰু মেন অব দ্য মেচ লাভ কৰিছিল৷ তেওঁ শ্বাহিদ আফ্ৰিদি, ছোৱেব মালিক আৰু য়াছিৰ আৰাফাতৰ উইকেট দখল কৰিছিল৷ টি-২০ বিশ্বকাপৰ প্ৰথম খিতাপ জয় কৰা টীম ইণ্ডিয়াও প্ৰথম দল হিচাপে পৰিগণিত হৈছিল৷ টীম ইণ্ডিয়াই পাকিস্তানক প্ত ৰানত পৰাস্ত কৰিছিল৷ টীম ইণ্ডিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত প্ত উইকেটত ১৫৭ ৰান কৰিছিল৷ ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তান ১৫২ ৰানত অলআউট হৈছিল৷বিৰাট কোহলীঃ ২০১২ চনৰ টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তান তৃতীয়বাৰৰ বাবে মুখামুখি হৈছিল৷ অৱশ্যে, পাকিস্তানে প্ৰথম ইনিংছত মাত্ৰ ১২৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ টীম ইণ্ডিয়াই ১৭ অভাৰত ২ উইকেটত লক্ষ্য প্ৰাপ্ত কৰিছিল আৰু মেচখন জ্জ্ব উইকেটত জিকিছিল৷ বিৰাট কাহেলী ৬১ টা বলত ৭৮ ৰান কৰি অপৰাজিত আছিল৷অমিত মিশ্ৰাঃ ২০১৪ চনত পাকিস্তানে প্ৰথম ইনিংছত আকৌ এবাৰ মাত্ৰ ১৩০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ লেগ স্পিনাৰ অমিত মিশ্ৰাই ২২ ৰানত ২ টা উইকেট দখল কৰিছিল৷ টীম ইণ্ডিয়াই ১৮.৩ অভাৰত ৩ উইকেটত লক্ষ্য প্ৰাপ্ত কৰিছিল৷ বিৰাট কোহলীয়ে ৩৬ ৰানত অপৰাজিত আছিল৷ বিৰাট কোহলীঃ ২০১৬ চনত প্ৰথম ইনিংছত পাকিস্তানে ১৮ অভাৰত প্ত উইকেটত ১১৮ ৰান কৰিছিল৷ ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই ১৫.প্ত অভাৰত চ্ছ্ৰ উইকেটত লক্ষ্য অৰ্জন কৰিছিল৷ কোহলীয়ে ৩৭ টা বলত ৫৫ ৰান কৰি অপৰাজিত আছিল৷শ্বাহিন শ্বাহ আফ্ৰিদিঃ এতিয়া শ্বাহিন শ্বাহ আফ্ৰিদীয়ে চ্ছ্ৰ অভাৰত ৩১ ৰান দি ৩ টা উইকেট দখল কৰে৷ তেওঁ ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু বিৰাট কোহলীৰ উইকেট দখল কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here