Home Uncategorized মায়ঙৰ শিক্ষক শ্বাকিৰ আহমেদক ‘চচিয়েল জাষ্টিচ এৱাড’ ২০২২ বটাঁ প্ৰদান

মায়ঙৰ শিক্ষক শ্বাকিৰ আহমেদক ‘চচিয়েল জাষ্টিচ এৱাড’ ২০২২ বটাঁ প্ৰদান

326
0

গণ বাৰ্তা, মায়ং, ২মাৰ্চ:- গুৱাহাটীৰ হোটেল ৰিভাইৰাত ফেব্ৰুৱাৰীৰ ২৬ তাৰিখে চচিয়েল চচিয়েল জাষ্টিচ কমিচনৰ এখন সভাত মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত মৰিসুতি টুপ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বাকিৰ আহমেদক ষ্টেট জাষ্টিচ এৱাড ২০২২ ৰে সন্মানীত কৰা হয়৷ লগতে, ষ্টেট জাষ্টিচ কমিচন, টাই আহোম ইয়ুথ ফৰাম, ষ্টেট কাউঞ্চিল ফৰ ভকেচনেল ইডুকেচন, কিং গেট গ্ৰুপ ৰ তৰফৰও উক্ত অনুষ্ঠানত শ্বাকিৰ আহমেদক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়৷ শ্বাকিৰ আহমেদে বটাঁ ও মান পত্ৰ লাভ কৰি সকলো আয়োজক সমিতিলৈ ধন্যবাদ জনায়৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ নদীৰ নিচেই কাষত প্ৰতি বছৰে বানপানীয়ে ক্ষতিসাধন কৰাৰ পাছতো মৰিসুতি টোপ নতুন প্ৰাথমিক বিদ্যালয়ে ৰাজ্য জুৰি খলকনিৰ সৃষ্টি কৰি আহিছে৷ চৰকাৰী অনুদানৰ উপৰিও নিজৰ গাঠিৰ ধন খৰচ কৰি বিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰি শ্ৰেণী কোঠা সমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে পুথি সংৰক্ষণ, ফুলনি, পৰিবেশ,শিক্ষা দানৰ সজুঁলি ,শিক্ষা শৈলী, শ্ৰেণীকোঠাত চি,চি,টি,ভি ৰ সংযোগ, পাণচিং মেচিন, কম্পিউটাৰ আৰু পৰীক্ষাৰ ফলাফলৰ জৰিয়তে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে একমাত্ৰ প্ৰধান শিক্ষক শ্বাকিৰ আহমেদৰ ফলত৷ বিভিন্ন সময়ত জিলা শিক্ষা বিভাগৰ বহু বিষয়াৰ লগতে বিভিন্ন ঠাইৰ পৰা শিক্ষাবিদ,কবি,সমাজৰ সচেতন লোক, জন প্ৰতিনিধিৰ লগতে বিভিন্ন সুভাকাংশীয়ে বিদ্যালয় পৰিদৰ্শন কৰি প্ৰধান শিক্ষকক শুভেচ্ছা ও সম্বৰ্ধনা জনায়৷ ২০২০ বৰ্ষত গনতন্ত্ৰ দিৱসতো মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা কাৰ্য্য সূচীৰ মাজতে মায়ঙৰ মৰিসুতি টোপ নতুন প্ৰাথমিক বিদ্যালয় খনক জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় হিচাপে মান পত্ৰ ও বঁটা প্ৰদান কৰিছিল অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী পিযুষ হাজৰিকাই৷ ধপাতমু্ক্ত প্ৰথমিক বিদ্যালয় হিচাপেও জিলা ধপাত নিয়ন্ত্ৰণ কোষ মৰিগাঁৱৰ তৰফৰ পৰা বিদ্যালয় খনক প্ৰশংসা পত্ৰ প্ৰধান কৰিছিল৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here