Home ক্ৰীড়া সোণতলীত দক্ষিণ কামৰূপ লীগত চেম্পিয়নৰ শিমলা নৱজ্যোতি

সোণতলীত দক্ষিণ কামৰূপ লীগত চেম্পিয়নৰ শিমলা নৱজ্যোতি

72
0

গণ বাৰ্তা,সোণতলী, ১০ মে’ঃ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ বি ডিভিজন আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতাত শিমলা নৱজ্যোতি যুৱক সংঘ চেম্পিয়ন হৈছে।সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হোৱা প্ৰতিযোগীতাৰ ফাইনেলত খেলত নৱজ্যোতি ক্লাবে বামুণীগাঁও ফুটবল ক্লাবক ১-০ গ’লত হৰুৱায়। সোণতলী ফুটবল একাডেমীৰ সহযোগত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ ৮ টা ক্লাবৰ মাজত অনুষ্ঠিত প্ৰথম বাৰ্ষিক প্ৰতিযোগিতাত ফাইনেল খেলখন চাবলৈ আজি ৫ সহস্ৰাধিক দৰ্শকৰ সমাবেশ হৈছিল । প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বামুণীগাঁৱৰ  নিয়োজিৎ ৰাভা শ্ৰেষ্ঠ সৰ্বোচ্চ গোলদাতাৰ সন্মান লাভ কৰে হেপ্পী স্প’ৰ্টছ ক্লাবৰ  চিন্ময় কলিতাই। ফাইনেলত বিশিষ্ট অতিথিৰূপে সোনতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী নগৰমল স্বৰ্গীয়াৰী     বিশিষ্ট সাংবাদিক আজাদ ওচমান গণি দক্ষিন কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুকুমাৰ মেধি ফুটবল সম্পাদক ৰণজিৎ দাস স্থানীয় আঞ্চলিক সদস্য মইনুল হক সভাপতি তাইজুদ্দিন আহমেদ প্ৰাক্তন সভাপতি জাহিদূল  ইছলাম,সোণতলী ফুটবল একাডেমীৰ সভাপতি,সম্পাদক ক্ৰমে-মাছিৰুল হক,ৰহমত উল্লাহ আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।ইফালে হেপ্পী স্প’ৰ্টছ ক্লাৱে ফাইনেল খেলৰ পৰা বঞ্চিত হয়। ছেমি ফাইনেলত জয়ী হৈয়ো আজি ফাইনেল খেলাৰ পৰা বঞ্চিত হয় হেপ্পী স্প’ৰ্টচ ক্লাব।বিজিত বামুণীগাঁও ফুটবল ক্লাবৰ অভিযোগমতে হেপ্পী স্পোৰ্টছ ক্লাবৰ এগৰাকী খেলুৱৈৰ পঞ্জীয়নৰ খেলিমেলি ধৰা পৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here