Home Main Stories অসমৰ বাবে সুবিধাজনক নহয় ৰ’ৰ’ জাহাজ। ৰ’-ৰ’ পৰিবৰ্তে অসমত চলিব ৰোপে’ জাহাজ

অসমৰ বাবে সুবিধাজনক নহয় ৰ’ৰ’ জাহাজ। ৰ’-ৰ’ পৰিবৰ্তে অসমত চলিব ৰোপে’ জাহাজ

63
0

পংকজ নাথ, চাংসাৰি, ১৩ জুন : অসমৰ বাবে সুবিধাজনক নহয় ৰ’ৰ’ জাহাজ সেৱা। প্ৰকৃতাৰ্থত ব্ৰহ্মপুত্ৰত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰ’ৰ’ জাহাজ। যাৰ বাবে অসমলৈ অনা আটাইকেইখন ৰ’ৰ’ জাহাজ ওভতাই দি ৰোপ’ৱে জাহাজ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। কালি কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুডাম পৰিদৰ্শন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে শীঘ্ৰে কুৰিখনৰো অধিক ৰোপেৱে জাহাজ অসম পাবহি বুলিও জানিবলৈ দিয়ে। চাংসাৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুডামঘৰ পৰিদৰ্শন কৰিমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত থকা বুলিও সংবাদ মাধ্যমক জানিব দিয়ে। চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগতে ৰে’ল ষ্টেচনৰো ঠাইসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। কালি এই পৰিদৰ্শন কালত ৰাজ্যত নৈ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ’ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইয়াৰ লগতে শীঘ্ৰে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ কৰা হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ৰে’ল ষ্টেচনৰ লেখিয়াকৈ সকলো সা-সুবিধা পাৰঘাটসমূহতো উপলব্ধ কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। কালিৰ এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে পৰিবহণ আয়ুক্ত আদিল খান, অতিৰিক্ত পৰিবহণ আয়ুক্ত ৰাতুল পাঠক, কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া গৌতম দাস, কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজিত বাগলাৰীকে ধৰি অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here