Home Main Stories শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল চৌহদৰ পুৰণিকলীয়া গছসমুহ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল চৌহদৰ পুৰণিকলীয়া গছসমুহ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

129
0
শিৱদল চৌহদত দৌল পৰিচালনা সমিতিয়ে কাটি ধ্বংস কৰা গছসমূহ
শিৱদল চৌহদত দৌল পৰিচালনা সমিতিয়ে কাটি ধ্বংস কৰা গছসমূহ
 
শিৱদল চৌহদত দৌল পৰিচালনা সমিতিয়ে কাটি ধ্বংস কৰা গছসমূহ 

গণবাৰ্তা বিশেষ, শিৱসাগৰ : শিৱসাগৰত প্ৰকৃতি সংৰক্ষণৰ সলনি এতিয়া চলিছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ । ঐতিহাসিক শিৱদৌলৰ চৌহদত থকা গছ কটাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া । বন বিভাগৰ আৰু কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অনুমতি অবিহনে দৌল পৰিচালনা সমিতিয়ে নিজ মইমতালিৰে কাটি ধ্বংস কৰিছে বহু আওপুৰণি গছ । এই গছসমুহ কটাকলৈ “নেচাৰ্চ বেকন ” নামৰ প্ৰকৃতি প্ৰেমী সংগঠন আৰু বহু জাতীয় সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ বিপৰীতে কিন্তু দৌল পৰিচালনা সমিতিয়ে দেখুৱাইছে কেতবোৰ যুক্তি ।শিৱদৌলৰ চৌহদত থকা পুৰণি গছ সমুহৰ শিপাই ঐতিহাসিক তিনিটাকৈ দৌলৰ ক্ষতি কৰাৰ সম্ভাৱনাই দেখা দিয়াৰ বাবেই গছ সমূহ কাটি পেলুৱা হৈছে বুলি যুক্তি দৰ্শাইছে দৌল পৰিচালনা সমিতিয়ে । শিৱদৌল পৰিচালনা সমিতিৰ যুক্তিক মানি ল’ব বিচাৰা নাই প্ৰকৃতি প্ৰেমী সংগঠন তথা সচেতন মহলে । যি সময়ত বিশ্বজুৰি গছ পুলি ৰূপনেৰে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ঠিক সেই সময়তে ঐতিহাসিক শিৱদৌলৰ চৌহদত থকা বিশালকায় গছ সমূহ কাটি তহিলং কৰাটো পৰিতাপৰ বিষয় বুলি গৰিহণা দিছে নেচাৰ্চ বেকনৰ দৰে প্ৰকৃতি প্ৰেমী সংগঠনে । শিৱসাগৰ শিৱদৌলৰ চৌহদত থকা গছসমূহে দৌল‌ তিনিটাৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিছিল বুলি উল্লেখ কৰি পৰবৰ্তী সময়ত দৌল চৌহদত বৃক্ষৰোপণ কৰিলে বিজ্ঞান সন্মত ভাৱে কোনো উদ্ভিদ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায় সচেতন মহলে ।
উল্লেখ্য যে, কেইমাহমান পূৰ্বে এজোপা গছ কটাৰ ক্ষেত্ৰত বন বিভাগৰ অনুমতি লৈছিল যদিও এইবাৰ গছ কাটিবলৈ অনুমতি লোৱা নাই বুলি মত পোষণ কৰিছে আঞ্চলিক বন বিষয়াই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here