গনবাৰ্তা, ৰঙাপৰা, ২৮ ডিচেম্বৰ: ধুবুৰীত অনুষ্ঠিত হোৱা ৪৯ সংখ্যক সদৌ অসম বডি বিল্ডিং আৰু ফিজিক্ স্প’ৰ্টছ প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ প্ৰতিযোগীয়ে ভাল প্ৰদৰ্শনৰে সুনাম কঢ়িয়াবলৈ সক্ষম হয়। যোৱা ২৫ ডিচেম্বৰৰ পৰা ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত হোৱা দুদিনীয়া প্ৰতিযোগিতাখন ‘‘ধুবৰী ডিষ্ট্ৰিক্ট ফিজিক্ স্প’ৰ্টছ এচোছিয়েন’’ৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। ৰাজ্যিক ভিত্তিক বডি বিল্ডিং প্ৰতিযোগিতাখনত অসমৰ ২৫খন জিলাৰ প্ৰায় ৩শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ দিৱ্যজ্যোতি শইকীয়াই পুৰুষৰ ৭৫ কেজি বডি বিল্ডিং শাখাত সোনৰ পদক জয় কৰিবলৈ সক্ষম হয়।প্ৰতিযোগিতাত মহিলাৰ ফিটনেছ শাখাত ৰিছিকা বৰাই ৰূপৰ আৰু ছায়া বৰুৱাই ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়।পুৰুষৰ জুনিয়ৰ ৫৫ কেজি বডিবিল্ডিং শাখাত ছুমন ছৰকাৰে ৫ম স্থান অধিকাৰ কৰে।পুৰুষৰ জুনিয়ৰ ৬৫ কেজি বডি বিল্ডিং শাখাত জগদীশ বৈশ্যই ৰূপৰ পদক আৰু বিকি ভূঞাই ব্ৰঞ্জৰ পদক লাভ কৰে।পুৰুষৰ জুনিয়ৰ ৭৫ কেজি বডিবিল্ডিং শাখাত ইজাজ আহমেদে ৰূপৰ পদক লাভ কৰে।ছিনিয়ৰ ৫৫ কেজি বডিবিল্ডিং শাখাত বিশ্বজিত বৰাই চতুৰ্থ স্থান পায়।আই বি বি এফৰ স্বীকৃতিপ্ৰাপ্ত অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এচছিয়েছনৰ উদ্যোগত অনুষ্ঠিত ৪৯ তম ৰাজ্যিক বডিবিল্ডিং আৰু ফিটনেছ প্ৰতিযোগিতাত শোণিতপুৰ দলৰ হৈ টেকনিকেল বিষয়া হিচাপে বিভুধ ডেকা, পংকজ বৰা ,নুপুৰ ৰঞ্জন শইকীয়া আৰু দুদু তামুলী,টিম মেনেজাৰ তথা মহিলাৰ প্ৰশিক্ষক ৰূপে উপৰ্না ডেকা আৰু পুৰুষৰ প্ৰশিক্ষক ৰূপে চালামত দেৱানে অংশগ্ৰহণ কৰে।
Home ক্ৰীড়া সদৌ অসম বডি বিল্ডিং আৰু ফিজিক্ স্প’ৰ্টছ প্ৰতিযোগিতাত শোণিতপুৰৰ প্ৰতিযোগীয়ে কঢ়িয়ালে সুনাম