Home Main Stories ক’ভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত সান্ধ্য আইনৰ সময়সীমা হ্ৰাস ▪️ চাৰিখন...

ক’ভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত সান্ধ্য আইনৰ সময়সীমা হ্ৰাস ▪️ চাৰিখন জিলাত পূৰ্ণ লোকডাউন ঘোষণা ▪️ সংক্ৰমণ হ্ৰাস পোৱা জিলাত ৫ বজাৰ পৰা বলৱৎ সান্ধ্য আইন

166
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ জুন : ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ লগে লগে ৰাজ্যবাসীক পূৰ্বতকৈ কিছু সকাহ দিবলৈ ধৰিছে ৰাজ্য চৰকাৰে। সান্ধ্য আইনৰ সময়সীমা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ্ৰাস কৰা হৈছে। ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱা জিলাসমূহত ৩ বজাৰ পৰিৱৰ্তে ৪ বজালৈ দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিছে। আজি ৰাজ্য চৰকাৰে ইয়াক লৈ নতুন এছঅ’পি জাৰি কৰিছে। এই এছঅ’পি অনুসৰি ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱা ঠাইত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব। কাইলৈৰ পৰা এসপ্তাহৰ পৰা প্ৰযোজ্য হোৱাকৈ এই এছঅ’পি জাৰি কৰিছে ৰাজ্য চৰকাৰে। এছঅ’পিত উল্লেখ থকা অনুসৰি কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত প্ৰযোজ্য হ’ব সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। এই জিলাসমূহত ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়বোৰৰ উপৰি হোটেল, ৰেষ্টুৰেণ্ট আদি। আনহাতে, মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰাৰ লগতে বোকাখাত মহকুমাত সম্পূৰ্ণ লকডাউন বলৱৎ কৰা হৈছে। এইকেইখন জিলাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱা নাই। যাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছে। লকডাউন দিয়া জিলাকেইখনত জৰুৰীকালীন সেৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গাখীৰ, পানী, ঔষধ আদি সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব, তাৰ বাহিৰে চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়, বিপণী সকলো বন্ধ থাকিব। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ গ্ৰাম্য, দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাট, সৰুপথাৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব। এই জিলাসমূহত ১ বজালৈহে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ। চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যিসকলে ক’ভিডৰ এপালি ভেকচিনহে লৈছে তেওঁলোকে সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নক বাদ দি বাকী ঠাইত থকা নিজৰ কাৰ্যালয়লৈ যাব লাগিব। ক’ভিডৰ এপালি ভেকচিনো নোলোৱা চৰকাৰী কৰ্মচাৰীয়েও কাৰ্যালয়ৰ ঊধৰ্বতন কৰ্তৃপক্ষই যেতিয়াই বিচাৰে তেতিয়াই কাৰ্যালয়লৈ যাব লাগিব। উল্লেখ্য যে ৰাজ্যত ক’ভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। ৰাজ্যৰ কেইখনমান জিলাৰ বাদে কামৰূপ মহানগৰকে ধৰি আন জিলাসমূহত আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত হ্ৰাস পাবলৈ ধৰিছে। সেইবাবে এইসমূহ জিলাত সান্ধ্য আইনৰ সময়সীমা হ্ৰাস কৰা হৈছে। এইসমূহ জিলাৰ লোকসকলে পূৰ্বতকৈ অধিক সময় নিজৰ প্ৰয়োজনীয় কাম-কাজ কৰিব পৰাৰ উপৰি দোকান-পোহাৰ খুলিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here