Home Main Stories দেশৰ অন্ধতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ; বঙাইগাঁৱত জিলা উপায়ুক্ত ডা: এম এছ...

দেশৰ অন্ধতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ; বঙাইগাঁৱত জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মী প্ৰিয়াৰ লগতে ৫০ জন বিষয়া-কৰ্মচাৰীৰ স্বেচ্ছাই নেত্ৰদান পত্ৰত স্বাক্ষৰ

329
0

বঙাইগাঁওঃ ১৭ডিচেম্বৰঃ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত বঙাইগাঁও জিলা স্বাস্থ্য সেৱা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)শ্যামল ক্ষেত্ৰ গগৈ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:ভূপেন বৈশ্য, অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা:লাবণ্য শৰ্মাকে আদি কৰি মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়াসকল,চেক্টৰ চিকিৎসা বিষয়াসকল,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰকল্প প্ৰবন্ধকৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। সভাখনৰ আটাইতকৈ উল্লেখনীয় দিশটো হ’ল এইয়ে যে সভাখনত উপস্থিত জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ বিষয়ববীয়া আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য  অভিযানৰ প্ৰায় ৫০ জন বিষয়া-কৰ্মচাৰীয়ে স্বেচ্ছাই নিজৰ নেত্ৰদান পত্ৰত স্বাক্ষৰ কৰে। জিলা উপায়ুক্তৰ উদ্যোগত এই নেত্ৰদান কাৰ্যসূচীটো দেশৰ অন্ধতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে পৰিগণিত হ’ব ৷ লগতে উক্ত কাৰ্যসূচীয়ে জিলাখনৰ আন নাগৰিক সকলকো নেত্ৰদান কাৰ্যসূচীলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে ৷ সভাখনত স্বাস্থ্য বিভাগৰ আটাইবোৰ আঁচনি বিতংভাৱে পৰ্যালোচনা কৰা হয়। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here