Home Main Stories ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে চৰকাৰৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে চৰকাৰৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

232
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ: ৰাজ্যখনত এক বৃহৎ পৰিসৰত বিকাশৰ স্তৰ গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৰ্মসূচীৰ পদক্ষেপ হিচাপে আজি জনতা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰৰ মাজত কে’বাখনো বুজাবুজিৰ¸ চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখ্য যে চৰকাৰৰ হৈ অসম দক্ষতা বিকাশ অভিযানে মাইক্ৰ’ছফ্‌ট, গুগ্‌ল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, লাৰ্ছেন এণ্ড টাৰ্ব’ লিমিটেড আৰু হেল্‌থ কেয়াৰ ছেক্টৰ স্কীল কাউন্সিলৰ সৈতে চুক্তি স্বাক্ষৰিত কৰে৷ তদুপৰি নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে নৌকৰী ডট্‌ কম্‌ হিচাপে সুপৰিচিত ইনফ’ এজ [ইণ্ডিয়া] প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে৷ আনহাতে, অসম পৰ্যটন উন্নয়ন নিগমে ভাৰত চৰকাৰৰ দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰণালয়, টাটা কমিউনিটী ইনিচিয়েটিভ ট্ৰাষ্টৰ টাটা ষ্ট্ৰাইভ স্কীল ডেভেল’প্‌মেণ্ট ইনিচিয়েটিভে ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ সৈতেও বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ তদুপৰি চাটলুছ জল বিদ্যুৎ নিগমৰ গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে ৰ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ বাবে এপিডিচিএলৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ মাইক্ৰ’ছফট্‌ৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিৰ ফলত সমগ্ৰ ৰাজ্যখনতে অসম দক্ষতা বিকাশ কেন্দ্ৰসমূহৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ পথ প্ৰশস্ত কৰিব৷ মাইক্ৰ’ছফটে্‌ তেওঁলোকৰ এমডিএছপি [মাইক্ৰ’ছফট্‌ ডাইভাৰচিটী স্কীলিং প’গ্ৰেম] মডুলৰ জৰিয়তে সেৱা প্ৰদান কৰি যুৱক-যুৱতীসকলৰ কৰ্মশক্তিক অধিক সক্ৰিয় কৰি তুলিব৷ এই কাৰ্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকলে ডিজিটেল অৰ্থনীতিৰ জৰিয়তে লাভৱান হ’ব পৰাকৈ প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিব পাৰিব৷ তদুপৰি গুগ্‌ল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিখন নিয়োগ প্ৰত্যাশী যুৱক-যুৱতীসকলক ডিজিটেল আৰু ব্যৱসায়িক দক্ষতা প্ৰদানৰ দিশত সহায়ক হৈ উঠিব৷ এই ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল গুগ্‌ল কেৰিয়াৰ চাৰ্টিফিকেট পাঠ্যক্ৰমে সম্ভাব্য নিয়োগ কৰ্তাসকলৰ জৰিয়তে দক্ষ যুৱক-যুৱতীসকলক অভিৰুচি অনুসৰি চাকৰি লাভৰো সুযোগ প্ৰদান কৰিব৷ আনহাতে, এল এণ্ড টিৰ সৈতে অসম চৰকাৰৰ স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে প্ৰশিক্ষণৰ ব্যৱস্থা স্থাপন কৰাৰ লগতে নিৰ্মাণ খণ্ডৰ অধীনত গ্ৰীন ফিল্ড প্ৰকল্পৰ দিশত জ্ঞান আৰু সহায় সহযোগিতা আগবঢ়াব৷ স্বাস্থ্যসেৱা খণ্ড দক্ষতা পৰিষদৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিখনে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা প্ৰদৰ্শনৰ বাবে সংগঠিত কৰি তুলিব৷ নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা প্ৰদান কৰাৰ উপৰি প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ এমাহৰ ভিতৰত ঔদ্যোগিক খণ্ডৰ চাকৰিৰ বাবে নিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ ইনফ’ এজ [ইণ্ডিয়া] প্ৰাইভেট লিমিটেডৰ সৈতে নিয়োগ আৰু কাৰিকৰী সঞ্চালকালয়ৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিখনে নিবনুৱা যুৱক-যুৱতীসকলক ডিজিটেল ক্ষেত্ৰখনত তেওঁলোকৰ প্ৰ’ফাইল আপল’ড কৰি সম্ভাব্য নিয়োগ কৰ্তাসকলক আকৰ্ষণ কৰিব পৰাকৈ এক অনলাইন মঞ্চ প্ৰদান কৰিব৷ এপিডিচিএল আৰু এছ জে ভি এন এল গ্ৰীন এনাৰ্জী লিমিটেড [এ জি ই এল]ৰ মাজত হোৱা বুজাবুজিৰ লক্ষ্য হ’ব ৰ হাজাৰ মেগাৱাট শক্তিসম্পন্ন নৱীকৰণযোগ্য শক্তি প্ৰকল্প অৰ্থাৎ সৌৰ শক্তি বিকাশ সাধন কৰা৷ অসম পৰ্যটন উন্নয়ন নিগম আৰু টাটা ষ্ট্ৰাইভ স্কীল ডেভেল’প্‌মেণ্ট ইনিচিয়েটিভ্‌ছ আদিৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণৰ বাবে এক উৎকৃষ্ট আতিথ্য দক্ষতা কেন্দ্ৰ স্থাপন কৰিব৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত আজিৰ দিনটো ৰাজ্যৰ বিকাশৰ ধাৰা ত্বৰান্বিত কৰাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই বুজাবুজিয়ে নৱীকৰণযুক্ত শক্তি, দক্ষতা বিকাশ, পৰ্যটন আৰু আতিথ্য উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যৰ সম্ভাৱনাক ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব৷ তেওঁ লগতে কয় যে এই বুজাবুজি চুক্তিসমূহে উত্তৰ-পূবক দেশৰ বিকাশৰ নতুন ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এখন উন্নত অসমৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে সামৰ্থ্য বিকাশৰ উদ্দেশ্যৰে অসম দক্ষতা বিকাশ অভিযান স্থাপন কৰিছে আৰু ইয়ে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতিশীলতাও বৃদ্ধি কৰিছে৷ এই অভিযানে প্ৰতিবছৰে ৰ.৫০ লাখ যুৱক-যুৱতীক দক্ষতাসম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ উন্নয়নৰ লক্ষ্যৰে এপিডিচিএলে চাটলুছ জলবিদ্যুৎ নিগমৰ গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে চুক্তিবদ্ধ হোৱা আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হৈ ৰ’ব৷ তেওঁ কয় যে এই চৰকাৰৰ উন্নয়নমুখী ব্যৱস্থাৰাজিয়ে বিনিয়োগৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰয়োজনীয়তা জীৱাষ্ম ইন্ধনৰ পৰা সেউজ ইন্ধনলৈ পৰিৱৰ্তিত কৰাৰ উদ্দেশ্যৰে ৰাজ্যৰ নৱীকৰণ যোগ্য শক্তিৰ বিকাশৰ এক পৰিৱেশ সূচনা কৰিবলৈ ৰাজ্যিক কেবিনেটে অসম নৱীকৰণ যোগ্য শক্তি নীতি-২০২২ত অনুমোদন জনাইছে৷ এই চুক্তিৰ অংশ হিচাপে এটা ভাষমান সৌৰ শক্তি প্ৰকল্প গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এবাৰ এই প্ৰকল্প আৰম্ভ হ’লে ৰাজ্যৰ জীবাষ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব৷ সেউজ শক্তি উৎপাদনৰ পৰিমাণ বৃদ্ধি পালে ৰাহি হোৱা শক্তি অন্য ৰাজ্যলৈও যোগান ধৰাৰ ক্ষেত্ৰত সহায়ক হৈ উঠাৰ লগতে কাৰ্বন নিৰ্গমনো হ্ৰাস পাব৷ দক্ষতা, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানত তেওঁৰ বিভাগে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে এক পৰিৱেশ গঢ়ি তোলাৰ দিশত লোৱা পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে৷ তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ দিশত কাম কৰি অহা হৈছে যাতে অসমক দেশৰ এক উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যায়৷ ইয়াৰ পূৰ্বে চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা সকলো ঔদ্যোগিক অংশীদাৰে ৰাজ্যখনত নিজ নিজ উদ্যোগৰ সফলতাৰ বাবে দায়বদ্ধতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ অনুষ্ঠানত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা, শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here