বিশেষ প্ৰতিনিধি, ১৫ ছেপ্টেম্বৰ ঃ উত্তৰ-পূবত শান্তি প্ৰক্ৰিয়াৰ আন এক বলিষ্ঠ পদক্ষেপ৷ এই শান্তি প্ৰক্ৰিয়াৰ দ্বাৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু শান্তিৰ বাবে সকলো সশস্ত্ৰ সংগঠন মূলসুঁতিলৈ আহিব লাগে৷ কেন্দ্ৰীয় চৰকাৰে উঃ-পূঃৰ সামগ্ৰিক বিকাশৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে আৰু আগন্তুক সময়ত সকলো শ্ৰেণীৰ লোকৰ সমবিকাশ নিশ্চিত কৰা হ’ব৷ এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ গৃহমন্ত্ৰী শ্বাহৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি বহু নেতা তথা উচ্ছপদস্থ বিষয়াৰ উপস্থিতিত প্ত আদিবাসী সশস্ত্ৰ সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰিত হয়৷ উত্তৰ-পূবৰ শান্তি প্ৰক্ৰিয়াত আন এক সফলতা৷ আজি স্বাক্ষৰিত হ’ল পাঁচ আদিবাসী সশস্ত্ৰ বিদ্ৰোহী সংগঠন আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মাজত শান্তি চুক্তি৷ মুঠ প্তটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ প্ৰায় ৰ,২০০ সদস্যৰ আত্মসমৰ্থন আৰু শান্তিচুক্তি স্বাক্ষৰিত এক যুগান্তকাৰী ঘটনা৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই হিন্দী ভাষাত ভাষণ দি আদিবাসী প্তটা সংগঠনে হিংসা ত্যাগ কৰি শান্তি প্ৰক্ৰিয়াৰ মাজলৈ অহাৰ বাবে স্বাগতম জনায়৷ নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই শান্তি চুক্তি কৰা সম্পন্ন কৰা হয়৷ চাহ জনগোষ্ঠী আদিবাসীৰ বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী সংগঠনে দীৰ্ঘদিনৰ পৰা বিভিন্ন দাবীত বিদ্ৰোহ চলাই আহিছিল৷ আদিবাসী কোব্ৰা মিলিটেণ্ট অৱ আছাম, আদিবাসী পিপল্ছ আৰ্মী, ছান্থালী টাইগাৰ ফ’ৰ্চ, বীৰছা কমাণ্ডো ফ’ৰ্চ আৰু অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মী নামৰ পাঁচটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সদস্যসকলে কিছুদিনৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰি বিদ্ৰোহী কাৰ্যকলাপৰ পৰা বিৰত আছিল৷ আদিবাসী সংগঠন আৰু আদিবাসী চিভিল ছ’চাইটীৰ ১৬জন সদস্যই এই শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ বিচিএফৰ নেতা বিৰসিং মুণ্ডাৰ নেতৃত্বত এই শান্তি প্ৰক্ৰিয়াৰ চুক্তি সম্পাদন হয়৷ এই চুক্তিৰ জৰিয়তে আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ লগতে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে ৰ,০০০ কোটি টকাৰ পেকেজ মঞ্জুৰ কৰা হৈছে৷ ইয়াৰে ৫০০ কোটি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৫০০ কোটি টকা আদায় দিব৷ চুক্তিৰ দ্বাৰা সকলো প্ৰাক্তন আদিবাসী বিদ্ৰোহীক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা হাতত ল’ব৷