Home Main Stories ছয় উগ্ৰপন্থীৰে হোৱা শান্তি চুক্তিক লৈ সন্তুষ্ট নহয় 24+ অৰ্গেনাইজেছন , পৰিষদৰ...

ছয় উগ্ৰপন্থীৰে হোৱা শান্তি চুক্তিক লৈ সন্তুষ্ট নহয় 24+ অৰ্গেনাইজেছন , পৰিষদৰ বাবে ১০ টাকৈ সংৰক্ষিত মুকলি আসনৰ তীব্ৰ বিৰোধিতা

246
0

গণবাৰ্তা বিশেষ, ডিফু, ৫ ছেপ্তেম্বৰ : যোৱা শণিবাৰে দিল্লীত স্বাক্ষৰিত হোৱা কাৰবি বিদ্ৰোহী সংগঠনৰে হোৱা ত্ৰিপাক্ষিক শান্তি চুক্তিকলৈ জিলাখনৰ বিভিন্ন সামাজিক আৰু ছাত্ৰ সংগঠনে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও এইলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ “24+ অৰ্গেনাইজেছন” নামৰ এক উমৈহতীয়া মঞ্চই ৷ আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ছেমছনছিং সোঁৱৰণী উদ্যাণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে “24+ অৰ্গেনাইজেছন” নামৰ মঞ্চটোৱে ৷ সংগঠনটোৰ সদস্য সকলে “টীম কাৰবি আংলং গ’ বেক, ন’ অট’নমাছ ষ্টেট ন ৰেষ্ট,  ন’ ছেপাৰেট ইলেক্টৰেল ৰুল ন’ৰেষ্ট, শান্তি চুক্তি ডাউন, ডাউন” আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা “24+ অৰ্গেনাইজেছন”ৰ  আহ্বায়ক ত্ৰয় ক্ৰমে, লিটছন ৰংফাৰ, ৰতন তেৰাঙ আৰু অৱিনাশ ৰংহাঙে সাংবাদিকৰে সৈতে বাৰ্তালপত কাৰবি আংলঙৰ ছয় বিদ্ৰোহী সংগঠনৰে সৈতে স্বাক্ষৰিত হোৱা শান্তি চুক্তিকলৈ তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰে ৷ শান্তি চুক্তি খনত পৰিষদৰ বাবে  মুকলি ১০ খন আসন সংৰক্ষিত কৰি ৰখা বিষয়টোৱে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ অনুচ্ছেদ 2(7)ক উলংঘন কৰি ৰাখিছে ৷ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সদস্যৰ আসন সমূহ কেৱল জনজাতি লোক সকলৰ বাবেই সংৰক্ষিত হব লাগে অইন সম্প্ৰদায়ৰ বাবে নহয় ৷ ষষ্ঠ অনুসূচীৰ এই সুবিধা ১৯৫১ চনৰ পৰা আজিলৈকে কোনোৱে ৰূপায়ণ কৰা নাই ৷ পৰিষদৰ বাবে মুকলি আসন সংৰক্ষণক ঐতিহাসিক আখ্যা দিয়া পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মন্তব্যকো দুৰ্ভাগ্যজনক  আখ্যা দিয়ে সংগঠন কেইটাৰ শীৰ্ষ নেতৃবৰ্গই ৷ আনহাতে শান্তি চুক্তিখনত জিলাখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক)ৰূপায়ণ সুবিধা সন্নিৱিষ্ট নথকাকলৈ আশ্চৰ্য প্ৰকাশ কৰে সংগঠনটোৰ আহ্বায়ক অৱিনাশ ৰংহাঙে ৷ শান্তি চুক্তিৰ পৰা পৰিষদীয় সদস্য আসনৰ ক্ষেত্ৰত মুকলি আসন সংৰক্ষণৰ ব্যৱস্থা বিলুপ্ত নকৰিলে “24+ সংগঠনে” গণতান্ত্ৰিক ভাবে আন্দোলন চলাই নিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here