Home Main Stories তিতাবৰত তালাচিত উদ্ধাৰ ব্ৰাউন চুগাৰ, ছয় লাখ টকা মদৰ বটল আৰু...

তিতাবৰত তালাচিত উদ্ধাৰ ব্ৰাউন চুগাৰ, ছয় লাখ টকা মদৰ বটল আৰু এয়াৰ গানৰ গুলী

157
0

গণ বাৰ্তা তিতাবৰ, ০৮ জুলাই : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি ঘোষণা কৰা সাত জিলাৰ সম্পূৰ্ণ লক ডাউন পৰিপ্ৰেক্ষিতত আজি তিতাবৰত মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন পূৰ্বৰ তুলনাকৈ আদি তৎপৰ হৈ পৰিছে। বুধবাৰৰ পুৱাৰে পৰা নগৰ খনৰ বিভিন্ন স্থানত নাগৰিক সকলৰ গতি বিধি লক্ষ্য ৰখাৰ লগতে অনুমতি অবিহনে চলা ফিৰা কৰা বাইক গাড়ী সমূহৰ তালাচী চলোৱা হয়।সম্পূৰ্ণ লক ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী আৰু শাক পাচলিৰ দোকান সমূহ ৰেহাই দিয়াৰ আজুহাত দেখুৱাই নগৰ খনত যথেষ্ট সংখ্যক লোকৰ চলা চল দেখা গৈছিল, তিতাবৰ মহকুমাৰ মহকুমাধিপতি খনিন্দ্র দাস, কাৰ্যবাহী দণ্ডাধীক ৰাজা বৈশ্যই নিজে তিতাবৰ চাৰি আলিত উপস্থিত থাকি পৰিস্থিতিৰ প্ৰতি নজৰ দি অপ্ৰয়োজনীয় ভাবে চলা ফিৰা কৰা লোক সকলক ক’ভিড প্ৰতিকল ভংগ কৰাৰ অপৰাধত জৰিমনা বিহে। সেই সময়ৰ ভিতৰতে নাগালেণ্ডৰ ডিমাপুৰ পৰা মুককচাং অভিমুখে আহি থকা এ এছ ০৩ জেড ৪৫৩৭ নম্বৰৰ মাৰতী ভেন এখনত তিনি গৰাকী নগা যুৱক অহা দেখা পাই আৰু মহকুমাধিপতি খনিন্দ্র দাসে গাড়ী খনত চালকসহ চাৰি গৰাকী ব্যক্তি অহাৰ বাবে জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। গাড়ী খনৰ ভিতৰত বহু পৰিমাণৰ গাহৰি মাংস দেখি সন্দেহ বশত আৰক্ষীয়ে তালাচী চলাই আৰু বহু পৰিমাণৰ বিলাতী সুৰাৰ লগতে এয়াৰগানৰ বহু গুলি, নগদ ৬ লাখ চল্লিছ হাজাৰ টকা উদ্ধাৰ কৰে।আৰক্ষীয়ে সমূহ সামগ্ৰী, গাড়ী আৰু যুৱক কেইজনক অনুসন্ধানৰ বাবে থানা লৈ যায়। তিতাবৰৰ মাজেৰে ধোদৰ আলিয়েদি নাগালেণ্ডৰ বহু গাড়ী নিতৌ অহাযোৱা কৰে, পূৰ্বৰ পৰা নাগালেণ্ডৰ গাড়ী সমূহত অবৈধ মৰণাস্ত্ৰৰ লগতে সুৰা,মাদক কলা ধন সৰবৰাহ কৰা হয় বুলিও বিষয় সূত্ৰই দাবী কৰি আহিছে যদিও এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ দৃষ্টি যথেষ্ট দুৰ্বল পৰিলক্ষিত হৈছে। আজিৰ উদ্ধাৰ হোৱা টকা আৰু আপত্তি জনক সমগ্রী সমূহে পূৰ্বৰ ইংগিতক সঁচা প্ৰমাণিত কৰিছে। আজি যুৱক কেইজনৰ অনুসন্ধানৰ স্বাৰ্থত তিতাবৰ আৰক্ষীয়ে জিম্মাত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here