Home শিৱসাগৰ শিৱসাগৰত ফাষ্ট ফুডৰ ভ্ৰাম্যমাণ দোকানত ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে সষ্টম...

শিৱসাগৰত ফাষ্ট ফুডৰ ভ্ৰাম্যমাণ দোকানত ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে সষ্টম জিলা প্ৰশাসন

716
0

গণ বাৰ্তা, শিৱসাগৰ, ২৮ ডিচেম্বৰ:ফাষ্ট ফুডৰ ভ্ৰাম্যমাণ দোকানত ঘৰুৱা ৰন্ধন গেছৰ ছিলেণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালৰ নিৰ্দেশমৰ্মে যোৱা ২৭ ডিচেম্বৰত কাৰ্যবাহী দণ্ডাধীশ দীপাৱলী কুৰ্মীৰ নেতৃত্বত তথা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক উজ্জ্বল দত্ত আৰু উপ-পৰিদৰ্শক নাজনীন ৰহমানৰ উপস্থিতিত শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত ফাষ্ট ফুডৰ ভ্ৰাম্যমাণ দোকানসমূহত অভিযান চলোৱা হয়৷ জিলা প্ৰশাসন আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এই যুটীয়া অভিযানত দোকান সমূহত ৰন্ধন গেছৰ ব্যৱসায়িক ছিলেণ্ডাৰ ব্যৱহাৰ কৰা হৈছে নে নাই, সেই বিষয়ে নিৰীক্ষণ কৰা হয়৷ এই অভিযানৰ সময়ছোৱাত দুখন ফাষ্ট ফুডৰ ভ্ৰাম্যমাণ দোকানত ৰন্ধন গেছৰ ঘৰুৱা ছিলেণ্ডাৰ ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰে অভিযানকাৰী দলটোৱে৷ নীতি বহিৰ্ভূতভাৱে দোকান দুখনত ব্যৱসায়িক ছিলেণ্ডাৰৰ ঠাইত ঘৰুৱা ছিলেণ্ডাৰ ব্যৱহাৰ কৰি থকা বাবে দোকান দুখনৰ স্বত্বাধিকাৰীক অভিযানকাৰী দলটোৱে কঠোৰ সকীয়নী প্ৰদান কৰি অতিশীঘ্ৰে ব্যৱসায়িক ছিলেণ্ডাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ দুনাই এই কাৰ্যত লিপ্ত হলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দোকান দুখনো বন্ধ কৰি দিয়া হ’ব বুলি স্পষ্টভাৱে সকীয়াই দিয়ে অভিযানকাৰী দলটিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here