Home স্থানীয় সাতদিনীয়া কাৰ্যসূচীৰে ১৬ ডিচেম্বৰৰ পৰা ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

সাতদিনীয়া কাৰ্যসূচীৰে ১৬ ডিচেম্বৰৰ পৰা ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

263
0


ছাহেদ আলী আহমেদযপ্ৰদীপ সৰকাৰ, কয়াকুছি, ১৩ ডিচেম্বৰ : সাতদিনীয়া কাৰ্যসূচীৰে অহা ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে৷ কাৰ্যসূচী মতে ১৬ ডিচেম্বৰ পুৱা জ্জ্ব বজাত ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা পৰিচালনা সমিতিৰ সভাপতি আবুল হুছেইনে পতাকা উত্তোলন কৰিব৷ আবেলি ২ বজাত ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধনী আৰু উন্মোচনী সভা অনুষ্ঠিত হ’ব৷ ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সভাপতি আবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া এই সভাত বিশিষ্ট বুদ্ধিজীৱী হায়দৰ হুছেইনে আনুষ্ঠানিকভাৱে ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য উদ্বোধন কৰিব৷ সভাত বিশিষ্ট অতিথি বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মেঘালয়ৰ মহাত্মা গান্ধী বিদ্যালয়ৰ ডীন দীনেশ বৈশ্য, বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা সাহিত্যিক থানেশ্বৰ মালাকাৰ, বি এইচ কলেজৰ অধ্যক্ষ ড॰ ভূষণ চন্দ্ৰ পাঠক, দৈনিক গণ অধিকাৰ কাকতৰ পৰিচালন সঞ্চালক ছাহজাহান তালুকদাৰ, বিশিষ্ট অভিনেত্ৰী কল্পনা কলিতাই অংশগ্ৰহণ কৰিব৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক জগদীশ পাটগিৰীয়ে৷ সভাত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া প্ত বজাত আব্দুল ছাত্তাৰ সোঁৱৰণী সদৌ অসম ভিত্তিত একক নৃত্য প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক ক্ৰমে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু ২ হাজাৰ টকা আগবঢ়োৱা হ’ব৷ প্ৰতিযোগিতাখন উদ্বোধন কৰিব ভৌকামাৰীৰ সমাজকৰ্মী দুৰ্জন আলীয়ে৷ নিশা জ্জ বজাত অনুষ্ঠিত হবলগীয়া আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী, গায়িকা তেহছিন আখতাৰে৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব সৌৰভ দাস আৰু আফলোজা পাৰবিনে৷ ১৭ ডিচেম্বৰত পুৱা ১০ বজাত অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে মৰহুমা সাবজান নেছা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন কয়াকুছি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলামে উদ্বোধন কৰিব৷ পুৱা ১১ বজাত মৰহুম আফাজ উদ্দিন আহমেদ সোঁৱৰণী আকস্মিক বত্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন হৰেন্দ্ৰ-চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ জাকিৰ হুছেইনে উদ্বোধন কৰিব৷ দুপৰীয়া ৰ বজাত মৰহুম মজিবৰ ৰহমান সোঁৱৰণী থিতাতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন কয়াকুছি উচ্ছতৰ মাধ্যমিক বিদ্যালয় ভাৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলামে উদ্বোধন কৰিব৷ সন্ধিয়া প্ত বজাত আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰতিভা সন্ধান অনুষ্ঠিত হ’ব৷ এই কাৰ্যসূচী উদ্বোধন কৰিব সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰে৷ নিশা জ্জ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পাঠশালাৰ বিশিষ্ট ব্যৱসায়ী অনুপম শৰ্মাই৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব ৱাহিদা ৰহমান আৰু জাকিৰ হুছেইনে৷ ১৮ ডিচেম্বৰত পুৱা ১০ বজাত স্বৰ্গীয় অতুল চন্দ্ৰ কলিতা সোঁৱৰণী ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন বৰবালা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিৰ উদ্দিনে উদ্বোধন কৰিব৷ পুৱা ১১ বজাত বৰপেটা জিলাভিত্তিত মৰহুম জাবেদ আলী সোঁৱৰণী দশম শ্ৰেণী অনূধবৰ্ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ তৰ্কৰ বিষয়বস্তু হৈছে ‘ফোন বিদ্যাৰ্থীৰ বাবে উপযোগী’৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন উদ্বোধন কৰিব সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী হুছেইনে৷ দুপৰীয়া ৰ বজাত মৰহুম ৰাকিবুল ইছলাম সিকদাৰ সোঁৱৰণী মুকলি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে ‘নিবনুৱা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে’৷ ব্যক্তিগত হিচাপে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে চাৰি হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰ টকা লাভ কৰিব৷ আনহাতে, দলীয় হিচাপে প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্তসকলে চাৰি হাজাৰ আৰু দুই হাজাৰ টকা লাভ কৰিব৷ প্ৰতিযোগিতাখন উদ্বোধন কৰিব বৰপেটা জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই৷ আবেলি চ্ছ্ৰ বজাত ১৪ বছৰ অনূধবৰ্ শিশুৰ বাবে সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই উদ্বোধন কৰিব৷ নিশা জ্জ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাই৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব ৰুণীতা য়াশ আৰু দীপাংকৰ কাশ্যপে৷ ১৯ ডিচেম্বৰ পুৱা ১০ বজাত মৰহুমা মাণিকজান নেছা সোঁৱৰণী স্ব-ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ, দুহাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন ভৱানীপুৰ পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বিজু দাসে উদ্বোধন কৰিব৷ দুপৰীয়া ১২ বজাত মৰহুম বিশা মিঞা সোঁৱৰণী অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ, দুহাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন বৰপেটা জিলা কৃষি বিষয়া মণিৰাম বাৰ্মাই উদ্বোধন কৰিব৷ আবেলি ৩ বজাত কবি সন্মিলন অনুষ্ঠিত হ’ব৷ কবি সন্মিলন উদ্বোধন কৰিব অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰিকল্পনা বিষয়া ডাঃ ৰেজাউল কৰিমে৷ কবি সন্মিলনৰ সঞ্চালক হিচাপে সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিৰিঞ্চি কুমাৰ দাসে অংশগ্ৰহণ কৰিব৷ কবি সন্মিলনত অতিথি হিচাপে ৰে’ল বিভাগৰ আৰক্ষী উপ-মহাপৰিদৰ্শক আবু চুফিয়ান আৰু সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোফাজ্জল হুছেইনে অংশগ্ৰহণ কৰিব৷ কবি সন্মিলনৰ পৰ্যালোচক হিচাপে বিশিষ্ট কবি নাগেশ্বৰ দাসে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া জ্জ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসে৷ সাংস্কৃতিক সন্ধিয়াত ডাঃ জেহেৰুল ইছলাম [জেহি], বিলকিচ ইনামে গীত পৰিৱেশন কৰিব৷ ২০ ডিচেম্বৰত পুৱা চ্ছ্ৰ বজাত মৰহুম মুত্তাৰ আলী সোঁৱৰণী মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন কয়াকুছি প্ৰাথমিক স্বাস্থ কেন্দ্ৰৰ ফাৰ্মাচিষ্ট মিনহাজুল ইছলামে উদ্বোধন কৰিব৷ পুৱা ১০ বজাত দশম শ্ৰেণীলৈ আৰু দুজনীয়া দলৰ আব্দুল মালেক সোঁৱৰণী বৰপেটা জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ, দুহাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাই উদ্বোধন কৰিব৷ দুপৰীয়া ১২ বজাত মৰহুম জনু মিঞা সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে পাঁচ হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মনোৰঞ্জন কাকতিয়ে উদ্বোধন কৰিব৷ ২ বজাত স্বৰ্গীয় অনিমা সৰকাৰ সোঁৱৰণী বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ, দুহাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন পশ্চিম বেতবাৰী সমবায় সমিতিৰ সচিব জালাল উদ্দিনে উদ্বোধন কৰিব৷ আবেলি চ্ছ্ৰ বজাত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলে পাঁচ হাজাৰ তিনি হাজাৰ আৰু দুই হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন ভাৰত চৰকাৰৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠন, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উপ-সঞ্চালক আতোৱাৰ ৰহমানেউদ্বোধন কৰিব৷ সন্ধিয়া প্ত বজাত কয়াকুছিৰ অংকুৰণ একাডেমীৰ প্ৰতিভা সন্ধান অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখন বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড॰ প্ৰদীপ শইকীয়াই উদ্বোধন কৰিব৷ নিশা জ্জ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ভৱানীপুৰ, পাটাছাৰকুছি, সৰুক্ষেত্ৰী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্ৰীযুত পৰেশ চন্দ্ৰ হালৈয়ে৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব আৰিয়া সিং আৰু নৱনুৰ ইছলামে৷ ২১ ডিচেম্বৰত পুৱা ১০ বজাত মৰহুম জুলহাস সিকদাৰ সোঁৱৰণী স্মৃতি পৰীক্ষা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ দুই হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন পাটাছাৰকুছি ক্ষেত্ৰীয় পথ উপ-সংমণ্ডলয সহকাৰী কাৰ্যবাহী অভিযন্তা ইমামুল ইছলাম উদ্দিনে উদ্বোধন কৰিব৷ দুপৰীয়া ১২ বজাত মৰহুম হজৰত আলী সোঁৱৰণী প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ দুই হাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ প্ৰতিযোগিতাখন কয়াকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ছিকান্দাৰ আলী আহমেদ উদ্বোধন কৰিব৷ আবেলি চ্ছ্ৰ বজাত আদৰ্শ বিদ্যালয় পাকা বেতবাৰীৰ প্ৰতিভা সন্ধান৷ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে এই কাৰ্যসূচী উদ্বোধন কৰিব৷ নিশা জ্জ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সৰ্থেবাৰীৰ সৰুক্ষেত্ৰী ক্ষেত্ৰীয় পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৌশিক শৰ্মাই৷ সাংস্কৃতিক সন্ধিয়াত জিতেন শৰ্মা আৰু ৰোকছানা পাৰবিনে গীত পৰিৱেশন কৰিব৷ ২২ ডিচেম্বৰত পুৱা ১০ বজাত থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনৰ পিছত ১১ বজাত ৰন্ধন প্ৰণালী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলে তিনি হাজাৰ, দুহাজাৰ আৰু এক হাজাৰকৈ লাভ কৰিব৷ আবেলি ২ বজাত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সভাপতিত্বত সামৰণী অনুষ্ঠান আৰম্ভ হ’ব৷ সামৰণি অনুষ্ঠানত পঞ্চম কয়াকুছি আৰু বাণিজ্য মেলাৰ পঞ্চম বছৰ [২০১৯]ৰ প্ৰতিভা সন্ধানৰ বঁটা প্ৰদান কৰা হব৷ ষষ্ঠ কয়াকুছিছ আৰু বাণিজ্য মেলা, ২০২১ৰ স্মৃতিগ্ৰন্থ গ্ৰন্থ ‘দৰ্পণ’ উন্মোচন কৰিব ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ মুকুন্দ শৰ্মাই৷ ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা, ২০২১ৰ প্ৰতিভা সন্ধানৰ মৰহুম আব্দুল আজিজ সোৱঁৰণী শ্ৰেষ্ঠ অভিনেতা বঁটা, স্বৰ্গীয় জ্ঞান মোহন ৰায় সোঁৱৰণী শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা, মৰহুম ছবুৰ উদ্দিন আহমেদ সোঁৱৰণী শ্ৰেষ্ঠ তাৰ্কিক বঁটা, মৰহুম ওমৰ আলী আহমেদ সোঁৱৰণী শ্ৰেষ্ঠ বিহুৱতী বঁটা,স্বৰ্গীয় মাধৱ চন্দ্ৰ নাথ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা, স্বৰ্গীয় ছত্ৰধৰ নাথ সোঁৱৰণী শ্ৰেষ্ঠ গায়িকা বঁটা প্ৰদান কৰা হ’ব৷ ইয়াৰ পিছত ৪৩৫ নং বৰ কাপলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আনোৱাৰা বেগমক শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদান কৰা হ’ব৷ কয়াকুছি প্ৰেছ ক্লাবৰ কয়াকুছি বঁটা ২০২১ বৰপেটাৰ ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰক প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে কয়াকুছি প্ৰেছ ক্লাবৰ পৰা ২০১৭ চনত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক, ২০১৮ চনত বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া, ২০১৯ চনত বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱাক এই বঁটা প্ৰদান কৰা হৈছিল৷ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, আমন্ত্ৰিত অতিথি হিচাপে দৈনিক গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক খবিৰ আহমেদ, জি এন আৰ চিৰ স্নায়ু শৈল্য বিভাগৰ সঞ্চালক ডাঃ নভনীল বৰুৱাই অংশগ্ৰহণ কৰিব৷ সভাত বিশেষ অতিথি হিচাপে আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই অংশগ্ৰহণ কৰিব৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট লেখক তথা বুদ্ধিজীৱী ময়ূৰ বৰাই অংশগ্ৰহণ কৰিব৷ সামৰণী সভাত বিশিষ্ট বিজ্ঞানী ড॰ ফাইজুদ্দিন আহমেদ আৰু যুৱ বিজ্ঞানী বৰ্ণালী দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱ হ’ব৷ সন্ধিয়া ৬ বজাত নিপু আহমদৰ পৰিচালনাত কয়াকুছি আঞ্চলিক ডেন্স ইউনিটৰ ব্যতিক্ৰমী নৃত্য আমি অসমীয়া অনুষ্ঠিত হব৷ এই কাৰ্যসূচী উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী দেবাদ্বিপ দাস আৰু মৃণালজ্যোতি দাসে৷ সন্ধিয়া জ্জ বজাত অনুষ্ঠিত হবলগীয়া বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই৷ সামৰণী অনুষ্ঠানত নিশা গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ আৰু বিদিশাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here