গণ বাৰ্তা,যোৰহাট,২৯ মাৰ্চ: যোৰহাটৰ চিনামৰা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজি যোৰহাটৰ চি টি ই এফ-ৰ উদ্যোগত দক্ষতা বিকাশৰ এক কৰ্মশালা অনুষ্ঠিত হয়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰীৰ লগতে স্থানীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰীসকলেও কৰ্মশালাত অংশ গ্ৰহণ কৰে। নতুন শিক্ষানীতিৰ বাবে শিক্ষকৰ প্ৰস্তুতি, ছাত্ৰ-শিক্ষকৰ মাজত সম্পৰ্ক আদিৰ বিষয়ে শিক্ষক সকলৰ লগত আলোচনাও কৰা হয়।কৰ্মশালাত সমল ব্যক্তি ৰুপে কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা তথা চি টি ই এফ-ৰ অসম শাখাৰ উপাধ্যক্ষা ড° অৰ্চনা ভট্টাচাৰ্যই অংশ গ্ৰহণ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অলকানন্দা দাসে আঁত ধৰা অনুষ্ঠান পৰিচালনা কৰে সংগীত শিক্ষয়িত্ৰী হীমা ৰাণী কলিতাই। যোৰহাটৰ সামাজিক অনুষ্ঠান লেডিজ ক্লাবে ছাত্ৰীসকলক যোগা আৰু ভলীবলৰ প্ৰশিক্ষণ প্ৰদান কৰে।বিদ্যালয় সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজলন কৰে লেডিজ ক্লাবৰ সভানেত্ৰী ড° অৰ্চনা ভট্টাচাৰ্যই। অনুষ্ঠানত লোকনৃত্যত ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হোৱা বিদ্যালয়ৰ ছাত্ৰীৰ দলটিয়ে নৃত্য প্ৰদৰ্শন কৰে।