ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ: ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইন যুদ্ধবিধ্বস্ত হৈ পৰাৰ পিছত তাত আবদ্ধ হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাৰ বাবে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে আৰম্ভ কৰিছে অপাৰেচন গংগা৷ ইতিমধ্যে পাঁচ হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰিছে দেশৰ বিদেশ মন্ত্ৰালয়ে৷ ইপিনে, আজি পোন্ধৰখন বিমানেৰে ৩,৫০০ লোকক দেশলৈ ওভতাই আনে বায়ুসেনাবাহিনীৰ বিশেষ বিমানে৷ চি-জ্জ বিমানেৰে দেশলৈ ওভতাই অনা হয় এই লোকসকলক৷ উল্লেখ্য যে আজি ইউক্ৰেইনত পঢ়িবলৈ গৈ যুদ্ধভূমিত আবদ্ধ হৈ পৰা ১৭জন অসমীয়া শিক্ষাৰ্থী সুৰক্ষিতভাৱে স্বদেশত উপস্থিত হয়৷ আজি পুৱা প্ত.৩০ বজাত অসম ভৱনত উপস্থিত হয় মুকুল দচি, ৱাকিব আমিন মজুমদাৰ, আমছুল ভাৰতীয়া, জিণ্টু ফুকন, নীলিকেশ ফুকন৷ ইপিনে, কালি আন তিনিজন অসমীয়া শিক্ষাৰ্থী বিমানযোগে উপস্থিত হয় নতুন দিল্লীত৷ কালি তনয়া মহন্ত, স্বাতি যোশী, ইভেনজীলাইন বসুমতাৰী নতুন দিল্লীত উপস্থিত হৈছিল৷ ইপিনে, আজি আন এখন বিমানেৰে ১২জন অসমীয়া শিক্ষাৰ্থী দিল্লীত অৱতৰণৰ পিছত অসম ভৱনত উপস্থিত হয়৷ আজি আনখন বিমানেৰে মহম্মদ মুদাছিৰ, চিন্ময় শৰ্মা, আবিদা বেগম চৌধুৰী, বিক্ৰমাদিত্য বৰা, পক্ষীৰাজ বৈশ্য, মাধুৰ্য কলিতা, সুস্মিতা ছেত্ৰী, আকুলদ্বীপ শৰ্মা, ৰিয়াজ হুছেইন, অনুভৱ বৰা, দৰ্শন পাঠক, ছৈয়দ জহাৰুল আলম উপস্থিত হয়হি৷ ইতিমধ্যে এই শিক্ষাৰ্থীসকলক অসম ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু বিমানযোগে অসমলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে৷ উল্লেখ্য যে দুদিন পূৰ্বে দিল্লীত উপস্থিত হোৱা ডিব্ৰুগড়ৰ ৰিয়া শৰ্মা ঠাকুৰ, গুৱাহাটীৰ অমিতেশ নাথ, জালুকবাৰীৰ নিশাৰ আলম, মঙলদৈৰ মহম্মদ পাকিজ আহমেদ আৰু শুৱালকুছিৰ হিমজ্যোতি তালুকদাৰ আজি বিমানযোগে স্বগৃহত উপস্থিত হয়হি৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৮গৰাকী অসমীয়া ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি স্বদেশলৈ ওভতাই অনা হৈছিল৷ এতিয়ালৈকে ৪৮গৰাকী ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে হীৰকজ্যোতি ডেকা, আনমল শেখৰ দাস, অনামিকা বৈশ্য, মঞ্জুৰ আলম, সমদৃতা হাজৰিকা, মনীষা ৱাহিদ, মনীষা বৈশ্য, অলিভিয়া ৰাজমেধি, ফাৰ্মি নাছৰিন চুলতানা, প্ৰতীক্ষা গগৈ, কৰীণা বৰা, উদাংশ্ৰী বসুমতাৰী, বাস্তৱিকা দাস, অংশুমান শৰ্মা, অনুৰাগ ভূঞা, ডেইজী বসুমতাৰী, গুণজিৎ কাশ্যপ, হীমাশ্ৰী কাকতি, কৃতিকা বছন, ছাহজাহান হাজৰিকা, সমন্বয় কুমাৰ শৰ্মা, দীপশিখা দাস, প্ৰয়াস শৰ্মা আৰু অৱনীশ ফুকনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি অসমলৈ অনা হৈছিল৷