Home গুৱাহাটী সমাজসেৱক আব্দুল জলিলৰ আকস্মিক বিয়োগ

সমাজসেৱক আব্দুল জলিলৰ আকস্মিক বিয়োগ

187
0


গুৱাহাটী, ৬ ছেপ্তেম্বৰ : বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক তথা মাহুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আব্দুল জলিলৰ যোৱা নিশা ১১ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫১ বছৰ।  বিগত  কিছুদিনৰ পৰা তেওঁ মধুমেহ ৰোগত ভুগি থকাৰ উপৰি কেইদিনমানৰ পৰা জ্বৰ-কাহত আক্ৰান্ত হৈ আছিল। গুৱাহাটী মহানগৰীৰ খাৰঘুলিস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।  নিশাই তেওঁৰ নশ্বৰ দেহ বৰপেটা জিলাৰ ভৱানীপুৰৰ জন্মগাঁও শুকমানাহৰ আনন্দপুৰলৈ লৈ যায়। আজীৱন সমাজৰ হৈ কাম কৰা আব্দুল জলিলক আজি বিয়লি ৩ বজাত ডুলিৰভিঠা ৰাজহুৱা কৱৰস্থানত জানাজা সম্পন্ন কৰি সমাধিস্থ কৰে। তেওঁৰ জানাজা পঢ়ায় তেওঁৰে দ্বিতীয় পুত্ৰই। তেওঁ মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ, এগৰাকী কন্যাৰ লগতে আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধক সংসাৰত এৰি যায়। উল্লেখ্য যে প্ৰয়াত আব্দুল জলিল বাল্যকালৰে পৰাই ইছলামী জ্ঞান আহৰণ কৰাৰ লগতে ইছলামী আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। অসমৰ যুৱ সমাজক সৃষ্টিকৰ্তাই দেখুৱাই দিয়া পথলৈ অনাৰ আহবান জনোৱা আব্দুল জলিলে ষ্টুডেণ্ট ইছলামিক অৰ্গেনাইজেচন অৱ ইণ্ডিয়াত যোগদান কৰি অসম শাখাৰ ৰাজ্যিক সংগঠকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল। পাছলৈ তেওঁ জামাত-ই-ছলামী হিন্দৰ সদস্যৰ লগতে ৰাজ্যিক দাৱাহ বিভাগৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছিল। একেদৰে তেওঁ অসম ফালাহ ছ’চাহ×টী আৰু অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰো সদস্য আছিল। সমাজৰ বাবে উৎসৰ্গিত আব্দুল জলিল হাউলীস্থিত হোমাৰ সঞ্চালক হিচাপেও কে’বাবছৰ দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে অসমৰ পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰা মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আব্দুল জলিল এজন চিনাকী নাম। চিকিৎসা, অভিযন্তা, ফাৰ্মাচী আৰু অন্যান্য পাঠ্যক্ৰমত ডিগ্ৰী অৰ্জন কৰা দুখীয়া অথচ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰবৃত্তিৰ বাবে তেওঁ আছিল এগৰাকী পথ প্ৰদৰ্শক। তেওঁ আইডিবিৰ অসমৰ কাউন্সিলৰ হিচাপেও কে’বাবছৰো দায়িত্ব পালন কৰিছিল। তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জামাত ই ইছলামী হিন্দৰ নামনি অসম সংমণ্ডলৰ সংগঠক ছফিকুল ইছলামে কয়, তেওঁ এগৰাকী ইছলামিক পণ্ডিত আছিল। নিষ্ঠাৰে ইছলামিক জীৱন যাপন কৰাৰ বাবে সদায় চেষ্টা কৰিছিল। তেওঁ একেবাৰে সহজ-সৰল জীৱন যাপন কৰিছিল। তেওঁ অত্যন্ত দয়ালু আৰু পৰোপকাৰী আছিল। তেওঁ আছিল এগৰাকী বিশিষ্ট সমাজসেৱক। স্পষ্টবাদিতা তেওঁৰ অন্যতম গুণ আছিল। বহুতৰে বাবে তেওঁ প্ৰেৰণা আছিল। এনে এগৰাকী ব্যক্তিক হঠাৎ আল্লাহতালাই আমাৰ পৰা লৈ গ’ল। আমি অতিকৈ মৰ্মাহত হৈছোঁ। আল্লাহতালাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁক জান্নাত নছীব কৰক। জানাজাত জামাত ইছলামী হিন্দৰ নেতা আব্দুল বাছিত, মৌলানা মইনুল হক , ওমৰ আলী আহমেদ, আব্দুৰ ৰহমানে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ বিশিষ্ট সমাজসেৱক তথা মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ সদস্য ইনামুল হকো জানাজাত উপস্থিত থাকি তেওঁৰ ৰুহৰ মাগফিৰাতৰ বাবে দোৱা প্ৰাৰ্থনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here