Home স্থানীয় যোগীঘোপাত ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত ৰঙাঘৰত সোমাল পিতা-পুত্ৰ

যোগীঘোপাত ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত ৰঙাঘৰত সোমাল পিতা-পুত্ৰ

138
0


গণ বাৰ্তা, যোগীঘোপা, ৬ জানুৱাৰী: বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বেলতলী গাঁৱত এগৰাকী ছাত্ৰীক অপহৰণ কৰি লৈ ধৰ্ষণ কৰা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত পিতা-পুত্ৰক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লম্পট যুৱকজন বেলতলী গাঁৱৰ ছাদ্দাম হুছেইন [২৩] আৰু তেওঁৰ পিতৃ আব্দুল মালেক বুলি জনা গৈছে ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ০৬য২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি জঘন্য ঘটনাটো সংঘটিত কৰা ছাদ্দাম হুছেইন আৰু তেওঁৰ পিতৃ আব্দুল মালেকক আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, দ’লনী বিল গাঁৱৰ ১৯ বছৰীয়া ছাত্ৰী তথা এজাহাৰকাৰীক বেলতলী গাঁৱৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনে প্ৰায় এবছৰ ধৰি বিয়া কৰোৱাৰ প্ৰলোভন দেখুৱাই প্ৰেমৰ নাটক কৰি অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল৷ যোৱা ৩ জানুৱাৰীত ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ গৈ থকা সময়তে লম্পট ছাদ্দাম হুছেইনে ছাত্ৰীগৰাকীক অপহৰণ কৰি নিজৰ ঘৰত বলপূৰ্বক ধৰ্ষণ কৰে৷ পিছত পৰিয়ালৰ লোকে ছাদ্দাম হুছেইনক ঘৰৰ পৰা পলায়ন কৰিবলৈ দি ছাত্ৰীগৰাকীক ঘৰত আৱদ্ধ কৰি ৰাখি পৰিয়ালৰ লোকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়৷ আনকি, ছাত্ৰীগৰাকীক ভৱিষ্যতে আইনৰ আশ্ৰয় ল’লে প্ৰাণেমাৰাৰ ভাবুকি প্ৰদান কৰে ছাদ্দামৰ পৰিয়ালৰ লোকে৷ আনহাতে, ইয়াতো ক্ষান্ত নাথাকি ছাদ্দাম হুছেইনে ছাত্ৰীগৰাকীৰ সৈতে উঠা অশ্লীল ফটো ছ’চিয়াল মিডিয়াত ভাইৰেল কৰা বুলিও অভিযোগ উত্থাপিত হৈছে৷ ছাত্ৰীগৰাকীক ছাদ্দাম হুছেইনৰ পৰিয়ালৰ লোকে ঘৰত আৱদ্ধ কৰি ৰখাৰ খবৰ যোগীঘোপা আৰক্ষীয়ে লাভ কৰাৰ পিছত কালি পুৱা আৰক্ষীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে৷ আনহাতে, লম্পট যুৱক ছাদ্দাম হুছেইনক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পিতৃক নিশা গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here