Home Main Stories কোকৰাঝাৰ কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন, দ্বাদশ শ্ৰেণীলৈকে...

কোকৰাঝাৰ কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন, দ্বাদশ শ্ৰেণীলৈকে প্ৰণয়ন হ’ব বড়ো ভাষাৰ মাধ্যম

129
0


গণ বাৰ্তা, কোকৰাঝাৰ, ৬ ছেপ্টেম্বৰ ঃ কোকৰাঝাৰত আজি অনুষ্ঠিত হ’ল বহুচৰ্চিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৈঠক৷ আজি অনুষ্ঠিত কেবিনেট বৈঠকখনত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সংবাদ মেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাজহুৱা কৰে৷ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত আৰক্ষী দায়বদ্ধতা আইন প্ৰণয়ন কৰা হ’ব৷ যাৰ জৰিয়তে সাধাৰণ জনতাই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰিব আৰু অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ মাৰ্ঘেৰিটা কয়লা খনিৰ সমস্যাসমূহ দূৰ কৰাৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ দ্বাদশ শ্ৰেণীলৈকে বড়ো ভাষাৰ মাধ্যম প্ৰণয়ন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে৷ এইক্ষেত্ৰত কোক্‌ৰাঝাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বড়ো মাধ্যমৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ নাথাকিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বড়ো ভাষাৰ শিক্ষক-প্ৰবক্তা নিযুক্তি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে বিটিচি অঞ্চলৰ দহখন মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ মহাবিদ্যালয়কেইখন প্ৰাদেশিকীকৰণৰ বাবে বিটিআৰ পৰিষদক অসম চৰকাৰে অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে৷ বিটিআৰৰ পাঁচখন জিলাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ গুড উইল মিছনৰ অধীনত ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে অতিৰিক্ত আঢ়ৈশ কোটি চলিত বিত্তীয় বৰ্ষত আৰু বাকী প্ৰয়োজনীয় ধন আগন্তুক বৰ্ষত অনুমোদন জনোৱা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উক্ত পথসমূহ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব৷ অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰত কাজিৰঙাত চিন্তন শিবিৰ অনুষ্ঠিত হ’ব৷ য’ত চৰকাৰৰ ভৱিষ্যৎ কাৰ্যপন্থাৰ সম্পৰ্কত বিষদ আলোচনা কৰা হ’ব৷ কৰ্ণাটক, গুজৰাট আদি উন্নত ৰাজ্যৰ বিষয়াসকলক আমন্ত্ৰণ জনাই জ্ঞান ল’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বছৰত এবাৰ-দুবাৰ চিন্তন বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ড॰ শৰ্মাই৷ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো আজিৰ কেবিনেটত লোৱা হ’ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জনায় যে ২২ ছেপ্টেম্বৰত বাৰ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰা হ’ব৷ এক লাখ নিযুক্তি প্ৰক্ৰিয়া দ্ৰুতগতিত চলি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২৩ ছেপ্টেম্বৰত চ্ছ্ৰ,৫০০গৰাকী জলমিত্ৰক নিযুক্তি প্ৰদান কৰা হ’ব৷ ৰাজ্যত খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন শীঘ্ৰেই মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ আদিবাসী সশস্ত্ৰ সংগঠনসমূহৰ সৈতে শীঘ্ৰে শান্তি চুক্তি সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি বিটিআৰক বাদ দি কমতাপুৰত মাটিৰ অধিকাৰ বৃদ্ধিৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ১২ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰকীয়ে৷ উক্ত অধিৱেশনতে ৪৮খন পুৰণিকলীয়া আইন বাতিল কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে, আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰসংগতো আলোচনা কৰা হয় মঙলবাৰৰ কেবিনেট বৈঠকত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here