Home স্থানীয় বিস্তীৰ্ণ অঞ্চল প্লাবিত : চিলাপথাৰত মিছামাৰী নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে নৱনির্মিত...

বিস্তীৰ্ণ অঞ্চল প্লাবিত : চিলাপথাৰত মিছামাৰী নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে নৱনির্মিত বাওঁপাৰৰ মথাউৰিৰ কিছু অংশ

91
0

বিকাশ শইকীয়া , চিলাপথাৰঃ ২৪ জুনঃ যোৱা নিশা অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ ফলত মিছামাৰী নদীয়েদি নামি অহা ভয়ংকৰ পানীৰ ঢলে নিমিষতে উটুৱাই নিয়ে চিলাপথাৰৰ নিলখ পঞ্চায়তৰ প্ৰায় ১০ লাখ টকাৰে নিৰ্মান কৰা মিছামাৰী নদীৰ বাওঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ । পুৱাতেই অহা প্ৰৱল বানে মিছামাৰী চাপৰিত মথাউৰি ভাঙি নিলখ গাঁও পঞ্চায়তৰ মিছামাৰী চাপৰি, মিছামাৰী মাজগাওঁ, পালেঙী, নগাঁও, তৰাণীপথাৰ আদি গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে । বহুতো লোকৰ ঘৰৰ সামগ্ৰী উটুৱাই নিয়ে বাঢ়নী পানীয়ে । কোনো ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাকৈ কেৱল বালিৰ দ’ম কৰি নিৰ্মাণ কৰা দহ লাখ টকীয়া মথাউৰিটো বানৰ প্ৰৱল সোঁতে নিমিষতে উটুৱাই নিয়ে । মথাউৰিটো বিজ্ঞানসন্মতভাবে নিৰ্মান কৰি প্ৰতিবছৰে ৰাইজে ভোগ কৰি অহা বান সমস্যাৰ পৰা পৰিত্ৰাণ পাৱলৈ ৰাইজে চৰকাৰলৈ দাবী জনাইছে ।



LEAVE A REPLY

Please enter your comment!
Please enter your name here